আজি প্ৰদেশ কংগ্ৰেছে ঘেৰাও কৰিব জনতা ভৱন। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ গুৱাহাটী মহানগৰীত সষ্টম আৰক্ষী-প্ৰশাসন। ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী।(Congress Protest)
গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স, ৰাজীৱ ভৱনৰ পৰা উলিয়াব এই প্রতিবাদী সমদল। দিনৰ ১১ বজাত আৰম্ভ হ’ব প্ৰতিবাদী কাৰ্যসূচী। APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হ’ব এই প্রতিবাদ। সহস্রাধিক কংগ্রেছ নেতা-কর্মীয়ে অংশ ল’ব প্রতিবাদত।

কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ সষ্টম হৈছে আৰক্ষী-প্ৰশাসন। ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী প্ৰতিটো দলৰ নেতৃত্বত থাকিব একোজনকৈ জ্যেষ্ঠ বিষয়া লগতে থাকিব CRPF, SSBৰ জোৱান। গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু।

