প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত নগৰবেৰাত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে  কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত কংগ্ৰেছে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলেনিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালক খবৰ লবলৈ যাওতে অন্যায় ভাবে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে তেওঁৰ মুক্তিৰ দাবী কৰে। তদুপৰিপ্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপিৰ হিটলাৰী শাসন নচলিব, মোদী বাহিনীৰ গুণ্ডাগিৰি বন্ধ কৰক,প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক, কৃষকক ন্যায্যতা প্ৰদান কৰক, অজয় মিশ্ৰ হুচিয়াৰ,গণতন্ত্ৰ বিৰোধী হুচিয়াৰ, আইন মতে কাম কৰক আদি ধ্বনিৰে চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।শীঘ্ৰ প্ৰিয়কা গান্ধীক মুক্তি নিদিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৱ বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে । এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কামৰূপ জিলা কংগ্ৰেছৰ সম্পাদক আব্দুল বাৰিক, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন, সম্পাদকদ্বয় আব্দুল মজিদ মণ্ডল, দিলবৰ হুছেইন আদি কৰি কংগ্ৰেছৰ ভালে সংখ্যক কৰ্ম কৰ্তা উপস্থিত থাকে। 

Related Articles