কংগ্ৰেছৰ হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও

আজি হোজাই জিলা কংগ্ৰেছৰ নেতৃত্বত  পেট্ৰল ডিজেল ,ৰন্ধনগেছ সামগ্ৰী আদিৰ মূল্য বৃদ্ধিৰ‌ প্ৰতিবাদত হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলা কংগ্ৰেছৰ সভাপতি ড° অৰ্ধেন্দু কুমাৰ দে, হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চক্ৰৱৰ্তী,অসম প্ৰদেশ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ স্বপন কৰ, অসম প্ৰদেশ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নাসিৰ উদ্দিন ফাৰুকী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেজিয়া চুলতানা ,প্ৰাক্তন জিলা পৰিষদ নুৰ আহমেদৰ লগতে বিভিন্ন ব্লকৰ সভাপতি,যুৱ কংগ্ৰেছ,এন.এচ.ইউ.আই সদস্য সকল উপস্থিত আছিল৷

Related Articles