নাজিৰা, সোণাৰিত উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰু নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিবাদ কংগ্ৰেছৰ

গেলেকী : উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা আৰু চৰাইদেউ জিলা অন্তৰ্গত সোণাৰি । ৫ অক্টোবৰৰ দিনা নাজিৰা নগৰকে ধৰি চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। আৰক্ষীৰ উপ-পৰিদৰ্শকৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী কংগ্ৰেছৰ। নিযুক্তিৰ নামত ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। আনহাতে উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কংগ্ৰেছৰ৷

Related Articles