Breaking

কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু‌ দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

0 11

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিছে গুৱাহাটীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে৷ নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গুৱাহাটীৰ কিৰণশ্ৰী হোটলেত শনিবাৰে এখন‌ সংবাদমেল সম্বোধন‌ কৰি দাবী কৰে যে এইবাৰ দেশত চৰকাৰ সলনি হ’ব । ৰাইজে বি জে‌ পিৰ অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিব বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ । এই নিৰ্বাচন কোনো‌ ব্যক্তিৰ নিৰ্বাচন নহয় ।‌ কংগ্ৰেছ দলে কাকো হেয় প্ৰতিপন্ন কৰাৰ বাবে নিৰ্বাচনত যুঁজ দিয়া নাই । কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু‌ দেশৰ সংবিধানক ৰক্ষা কৰাৰ । সংবাদমেলত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বি জে পি চৰকাৰক সমালোচনা কৰি কয়, ‘‘জি এছ টি আৰোপ কৰি সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰিছে ৷ নোটবন্দীৰ ফলত দেশৰ সাধাৰণ মানুহৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত কৰিছে ৷’’

তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবছৰে ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আমি মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰতিশ্ৰুতি ভংগৰ বাবে সমালোচনা কৰিছো । এইবোৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে দিয়া নাছিল । কংগ্ৰেছ দলে পাঁচটা ন্যায় আৰু ২৫ টা গ্যেৰান্টিৰ প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতি কংগ্ৰেছ দলে পালন কৰিব ।’’ প্ৰধানমন্ত্ৰী মোদীক মিছলীয়া বুলি সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গেই কয় যে মোদীৰ কথাত, ভাষণত এতিয়া ‌শক্তি নাই । তেওঁ কয়, ‘‘কংগ্ৰেছ দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ‌মোদীৰ দৰে‌ মিছলীয়া নহয়। কংগ্ৰেছ দলে কোনো মিছা প্ৰতিশ্ৰুতি নিদিয়ে। কাকো ভয় নুখুৱায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ‌মোদীহে চি বি আই, আয়কৰ বিভাগ, ই ডি আদিৰ জৰিয়তে সকলোকে ভীতিগ্ৰস্ত কৰি আছে ৷ তেওঁ কয় যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আদি বিভিন্ন দলৰ 424 গৰাকী সদস্যক বি জে পিয়ে আকোঁৱালি লৈছে। ‌ এইসকল যোৱাৰ বাবে কংগ্ৰেছ দলৰ কোনো‌ ক্ষতি হোৱা নাই আৰু ভৱিষ্যতেও নহয়।

অসমৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, ‘‘ যদি কংগ্ৰেছ বেয়া আছিল, কংগ্ৰেছ দলত থাকি নেতা হোৱাসকল দলটোত ১৫-২০ বছৰ কিয় আছিল ? বি জে‌ পিলৈ আগতে গুছি যাব লাগিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক সমালোচনা কৰি প্ৰশ্ন কৰিলেও মই তাৰ উত্তৰ নিদিও । প্ৰধানমন্ত্ৰীক উত্তৰ দিম ।‌ সংসদত মোদী মোৰ‌ বিৰোধী ।‌ তেওঁক উত্তৰ দিম।’’ সংবাদমেলত আমেঠী আৰু ৰায়বেৰেলীৰ পৰা কোন‌ প্ৰাৰ্থী হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ‌কয় যে এতিয়াও এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ‌হোৱা‌ নাই । উল্লেখ্য যে আমেঠীৰ পৰা ৰাহুল গান্ধী আৰু ৰায়বেৰেলীৰ‌ পৰা‌ প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি চৰ্চা হৈ আছে। ইফালে ৰাহুল গান্ধীয়ে সমষ্টি সলনি কৰাৰ বাবে বিভিন্নজনে সমালোচনা কৰাৰ প্ৰসংগত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে যে অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীয়ে কিমানবাৰ নিজৰ সমষ্টি সলনি কৰিছিল? সংবাদমেলখনত মল্লিকাৰ্জুন খাৰ্গেই দাবী কৰে যে দুৰ্নীতিগ্ৰস্তসকলক কাৰাগাৰত ৰখাৰ কথা যদিও বিজেপিয়ে কয়, তথাপি দুৰ্নীতিত অভিযুক্তসকলে গেৰুৱা দলটোত যোগদান কৰিলে তেওঁলোকক কোলাত ৰখা হয় আৰু ৰাজ্যসভা বা বিধানসভালৈ প্ৰেৰণ কৰা হয়। খাৰ্গেৰ সংবাদমেলত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, কংগ্ৰেছ নেত্ৰী মহিমা সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত থাকে।

Leave A Reply