Breaking

বিলাসীপাৰাত কংগ্ৰেছৰ স্বাধীনতা গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভনি…

0 1,588

ভাৰ্ৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ স্বাধীনতা গৌৰৱময় যাত্ৰা কাৰ্যসূচী পালন কৰিব। বিলাসীপাৰাৰ সোনামুখী বজাৰৰ বাঙ্গালীপাৰা লৈ ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত উলিওৱা হয় স্বাধীনতা গৌৰৱময় যাত্ৰা। স্বাধীনতাৰ উক্ত গৌৰৱময় যাত্ৰাত অংশ গ্ৰহণ কৰে জেষ্ঠ কংগ্ৰেছী নেতা তথা বিধায়ক ওৱাজেদ আলী চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাহ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু NSUI ৰ কৰ্মকৰ্তা সকল।

কংগ্ৰেছৰ ৮ গৰাকী বিধায়ক বিজেপি লৈ যোৱাৰ সম্ভাৱনা প্ৰসঙ্গত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অমৃত বাদশাহই কয় যে, বিজেপিত নেতৃত্বৰ অভাব হৈছে, যাৰ বাবে বিজেপিৰ নেতা সকলে কংগ্ৰেছৰ পিছে পিছে ঘূৰি আছে। বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু APCC ৰ সম্পাদক অমৃত বাদশাহই কয় যে কংগ্ৰেছৰ এজনো বিধায়ক বিজেপি লৈ নাযায়।

Leave A Reply