Breaking

গোসাইগাঁৱৰ ‘কানেক্সন পয়েন্ট একাডেমী’ৰ অনন্য নজিৰ ! ৪৩ গৰাকী যুৱক -যুৱতীয়ে লাভ কৰিলে Five star hotelত কৰ্ম সংস্থাপন…

0 45

গোসাইগাঁৱৰ ‘কানেক্সন পয়েন্ট একাডেমী’ৰ অনন্য নজিৰঃ
৪৩ গৰাকী যুৱক -যুৱতীয়ে লাভ কৰিলে Five star hotelত কৰ্ম সংস্থাপনঃ

যি সময়ত কৰ্মসংস্থাপনৰ অভাৱত নিবনুৱা যুৱক যুৱতী সকলে চৰম উৎকন্ঠা আৰু উদ্বিগ্নতাৰ মাজত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। ঠিক তেনে সময়ত অলপতে শ্রীৰামপুৰত স্হাপন হোৱা কানেক্সন পয়েন্ট একাডেমী নামৰ বেচৰকাৰী সংস্থাটোৱে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৪৩ গৰাকী কৈ যুৱক-যুৱতীয়ে এইটো প্ৰতিষ্ঠানত ছমাহৰ প্ৰশিক্ষণৰ জৰিয়তে নিজকে দক্ষতাসম্পন্ন গঢ়ি তুলিবলৈ সক্ষম হয়।

প্ৰশিক্ষিত সেই সকল যুৱক যুৱতীয়ে যোগ্যতাৰ ভিত্তিত দেশৰ বিভিন্ন অঞ্চলৰ পঞ্চ তাৰকা যুক্ত হোটেলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কেইবা মাহ আগতে প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালিকা তথা প্ৰাক্তন বিমান সেৱিকা মুনমুন সিংহ চৌধুৰী এই প্ৰতিষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে শ্ৰীৰামপুৰ সমষ্টিৰ এম চিএলএ সজল কুমাৰ সিংহক ল’গ ধৰি বিস্তাৰিত অৱগত কৰে। সজল সিংহই অতিকৈ পিছপৰা সীমান্ত অঞ্চলৰ নিবনুৱা যুৱক- যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকুলি হোৱাৰ বিষয়ে জানিব পাৰি যথেষ্ট আগ্ৰহ দেখুৱাই শ্ৰীৰামপুৰত এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয় স্থাপনৰ সক্রিয় পদক্ষেপ গ্ৰহণ কৰে।

সজল সিংহৰ হস্তক্ষেপত গঢ়ি উঠা কানেক্সন পয়েন্ট একাডেমীত অঞ্চলৰ যুৱক- যুৱতীক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দি পাৰদৰ্শী কৰি কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন অঞ্চলৰ পঞ্চ তাৰকা যুক্ত হোটেলত ৰিচিপশ্যনিষ্ট হিচাপে নিযুক্তি লাভ কৰা সকলক আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠানটোৰ পৰা বিদায় জনাই তেওঁলোকৰ অভিভাৱকৰ উপস্থিতিত সজল ফাউণ্ডেছনৰ মুখ্য পৰিচালন সঞ্চালক সজল কুমাৰ সিংহই নিযুক্তি পত্ৰ সমূহ যুৱক যুৱতীৰ হাতত তুলি দি তেওঁলোকৰ ভৱিষ্যত মংগল কামনা কৰে ।

Leave A Reply