Breaking

চিলাপথাৰ এপিডিচিএল’ৰ অস্থায়ী কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰঃ শীঘ্ৰেই চাকৰি নিয়মীয়াকৰণৰ দাবী…

0 34

চিলাপথাৰ এপিডিচিএল’ৰ অস্থায়ী কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰঃ শীঘ্ৰেই চাকৰি নিয়মীয়াকৰণৰ দাবী

এপিডিচিএল’ৰ  চিলাপথাৰ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত ৫,৪২২ জন অস্থায়ী কৰ্মচাৰীৰ ভবিষ্যতক লৈ চৰকাৰে চৰম অন্যায় কৰাৰ অভিযোগ উঠিছে। আজি কাৰ্যালয়ত বহু সংখ্যক অস্থায়ী কৰ্মচাৰী উপস্থিত থাকি বিষয়টোক লৈ গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌ শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। নিজা নিজা জীৱনক তুচ্ছ জ্ঞান কৰি বছৰ

বছৰ ধৰি বিনা বেতনে কৰ্তব্য কৰি এপিডিচিএল’ক জীয়াই ৰখা  অস্থায়ী শ্ৰমিক সকলৰ জীৱনক লৈ চৰম হেতালি খেলিছে চৰকাৰখনে। কোম্পানীটোত সুদীৰ্ঘদিন গেবাৰি খাতি থকা ৫,৪২২ শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬০ শতাংশৰ নাম প্ৰেৰণ কৰি বাকী সকলৰ নাম বাদ পেলাই চৰম পক্ষপাতমুলক স্থিতি প্ৰদৰ্শন কৰিছে বিভাগে।

চৰকাৰে অস্থায়ী শ্ৰমিক সকলৰ জীৱন তিমিৰাচন্ন হোৱাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই তিনিবাৰকৈ ভেৰিফিকেচন কৰাৰ পিছতো প্ৰশিক্ষিত আৰু অভিজ্ঞ শ্ৰমিক সকলৰ নাম বাদ পেলোৱাৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰে অস্থায়ী কৰ্মচাৰী সকলে। শীঘ্ৰেই সকলোকে অন্তৰ্ভুক্ত নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে এপিডিচিএল অচল কৰি দিয়াৰ ভাবুকী প্ৰদান কৰে বঞ্চিত শ্ৰমিক সকলে আজি সংবাদ মাধ্যমৰ আগত।

শম্ভু দাস চিলাপথাৰ

Leave A Reply