Breaking

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগঃ চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টি দাবী সমিতিৰ সংবাদমেল

0 52


“ধেমাজি জিলাৰ নতুনকৈ গঠন হ’বলগীয়া প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰি গঠন কৰিবলৈ জিলাখনৰ অজনজাতি লোকৰ লগতে প্ৰায় সকলোবোৰ জনজাতি দল-সংগঠন আৰু ৰাজনৈতিক দলে ২০০৪ চনৰ পৰাই দাবী জনাই আহিছে। প্ৰায় ৫৩ শতাংশ অজনজাতি লোকৰ কথাও ভাবি সকলোৰে বাবে অন্ততঃ এটা বিধানসভা সমষ্টি অসংৰক্ষিত কৰিব লাগে বুলি ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী, টিএমপিকে আৰু অন্যান্য বহু কেইটা জনজাতীয় দল-সংগঠনে লিখিতভাৱে চৰকাৰ আৰু সমষ্টি পুণৰ নিৰ্ধাৰণৰ আয়োগলৈ লিখিতভাৱে আবেদনো জনাইছিল। চিচিবৰগাঁও সমষ্টিক সংৰক্ষণমুক্ত কৰি গঠন কৰা বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ আৰু অসম চৰকাৰক আমিল ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কোনো তথাকথিত জনজাতি সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে। তেওঁলোকক জনাইদিছো যে তেওঁ লোকৰ জাতীয় সংগঠনেও সমৰ্থন দিছে।” – শনিবাৰে আবেলি চিলাপথাৰ চ্যুকাফা ভৱনত অনুষ্ঠিত হোৱা চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টি দাবী সমিতিৰ দ্বাৰা আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰে দাবী সমিতিৰ সভাপতি তিলক ফুকনে।

প্ৰস্তাৱিত চিচিবৰগাওঁ বিধানসভা সমষ্টিটো হিন্দু বাঙালী গতাই দিয়া বুলি অলপতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে য’ত সমষ্টিটোত প্ৰায় ১,৮৫,০০০ হেজাৰ জনসংখ্যা থকাৰ বিপৰীতে মাথো ২২ ৰ পৰা ২৩ হেজাৰ হিন্দু বাঙালী অন্তৰ্ভূক্ত হোৱা সমষ্টি টো কিদৰে গতাই দিয়া হ’ল সেয়া সম্পুৰ্ণ মিছা কথা।

অখিল গগৈ ডাঙৰীয়াই সমষ্টি টো সংৰক্ষণ মুক্ত কৰিবলৈ আমাক যথেষ্ঠ সহায় কৰিছে কিন্তু তেওঁ জনসংখ্যাৰ হিচাপত ভুল হৈছে গতিকে সংবাদ মেলৰ জৰিয়তে এটি স্পষ্টিকৰণ দাবী কৰে সভাপতি ফুকনে। আনহাতে দাবী সমিতিৰ সাধাৰণ সম্পাদক মৃদু পৱন চুতীয়াই কয় যে নিৰ্বাচন আয়োগৰ দ্বাৰা অলপতে প্ৰকাশ কৰা সমষ্টিৰ খচৰাত ধেমাজি জিলাত নতুনকৈ গঠন কৰা তৃতীয়টো বিধানসভা সমষ্টি চিচিবৰগাঁৱক সংৰক্ষণমুক্ত মুক্ত কৰাত জনজাতীয় ভাইসকলৰো সমৰ্থন আছে।

এয়া ধেমাজি তথা অসমৰ জনগোষ্ঠীয় সমন্বয়। নতুনকৈ চিচিবৰগাঁও সমষ্টি সৃষ্টি হোৱা মানে ধেমাজি তথা উজনি অসমত এটা সমষ্টি বাঢ়িল। পিছপৰা ধেমাজি ৰাইজ উন্নয়ন মানে উজনি তথা সামগ্ৰিকভাৱে অসমৰে উন্নয়ন হব। স্বাধীনতাৰ পাছৰে পৰা জিলাখনৰ দুয়োটা বিধান সভাৰ সমষ্টিত প্ৰতি নিৰ্বাচনতে আন্তৰিকতাৰে জনজাতি নেতাক জিলাখনৰ অজনজাতি ৰাইজে নিজৰ ভোটদান কৰি সমন্বয়ৰ নিদৰ্শন দেখুৱাই আহিছে, ঠিক তেনেদৰে জনজাতীয় লোকসকলেও উপযুক্ত অজনজাতীয় লোকৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰাটো এক সমন্বয়ৰ নিদৰ্শন হ’ব।

প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টিটো সকলোৰে বাবে মুক্ত হ’ব লাগে বুলি সেই সময়ৰ জনজাতীয় দুই নেতা তথা বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু দুয়োজনে নেতৃত্ব বহন কৰি সকলোৰে মাজত সমন্বয়ৰ প্ৰতীক হৈ পৰিছিল।

সেয়েহে ধেমাজি জিলাৰ সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ স্বাৰ্থত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰাত কোনো জনজাতীয় ৰাইজে আপত্তি কৰিব নালাগে, বৰং সকলোৱে আদৰণি জনাব লাগে বুলি সকলো জনজাতীয় দল-সংগঠন আৰু ৰাইজলৈ আহ্বান জনায়।

লগতে দাবী সমিতিৰ সম্পাদক মৃদু পৱন চুতীয়াই সংবাদ মাধ্যম আৰু উপস্থিত থকা সকলো জনগোষ্ঠীয় দল-সংগঠনক জানিবলৈ দিয়ে যে— নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত চিচিবৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱা মাছখোৱা, বৰদলনি, চমৰাজান, পশ্চিম ধেমাজিৰ স্থানীয় জনপ্ৰতিনিধি, ব্যক্তি, দল-সংগঠৰ লগত যোগাযোগ আৰু মিলিত হৈ মত বিনিময় কৰোঁতে প্ৰায় সকলো অঞ্চলৰ ৰাইজে উক্ত অঞ্চলসমূহ চিচিবৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱাত কোনো আপত্তি নাই বুলি মতামত প্ৰকাশ কৰিছে। বিশেষকৈ এটা অসংৰক্ষিত সমষ্টিত অন্তৰ্ভুক্ত হবলৈ পাই আনন্দিত হোৱা বুলিহে প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে।

কোনো কোনো অঞ্চলত দুই এক ব্যক্তি প্ৰশাসনিক দিশত কিবা অসুবিধা হ’ব পাৰে নেকি বুলি চিন্তিত হোৱা দেখা গৈছে যদিও চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টি দাবী সমিতিৰ হৈ উক্ত বিষয়টোত জন সাধাৰণৰ কোনো অসুবিধা নহয় সেই কথা বুজাই দিয়া হৈছে বুলি মন্তব্য কৰিছে। দুই এক অঞ্চলত এক ন্যস্তস্বাৰ্থ জড়িত দুই এক লোকে প্ৰকৃত কথা নুবুজি নিজৰ স্বাৰ্থৰ বাবে ধেমাজিবাসীৰ সমূহীয়া স্বাৰ্থত আঘাত হনা অৰ্থে চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ যুগাত্মক আৰু এই সুদূৰপ্ৰসাৰী পদক্ষেপক সমালোচনা কৰিছে বুলিও সংবাদ মেলত সংবাদ মাধ্যমৰ জড়িতে অসমৰ ৰাইজক অন্যতম সাধাৰণ সম্পাদক দুলাল বৰুৱাই কয় যে ৭৫ বছৰধৰি জনজাতিৰ নেতাক ধেমাজি ৰাইজে নিৰ্বাচনত নিৰ্বাচিত কৰ আহিছে। সকলো জনজাতিৰ দল সংগঠনে লিখিতভাৱে চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰিবলৈ আহ্বান জনাইছে।

তেনেক্ষেত্ৰত চাওলুং চুকাফাৰ সমন্বয়ৰ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জনাবলৈ সাংবাদিকসকলক আহ্বান জনায়। সংবাদমেলত দাবী সমিতিৰ সাধাৰণ সম্পাদক সভাপতি ক্ৰমে ৰাজীৱ গগৈ আৰু খগেন মৰাণ আৰু চুতীয়া জাতি সন্মিলনৰ জোনাই জিলা সমিতিৰ সম্পাদক তথা দাবী সমিতিৰ সম্পাদক গিৰিণ চুতীয়া আদি উপস্থিত থাকে। পূৰ্বে চুকাফা ভৱনত বিভিন্ন জনগোষ্ঠীয় দল-সংগঠ সমূহৰ এক সৰ্বদলীয় সভা অনুষ্ঠিত হয়।

সভাত সকলোৱে চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰি গঠন কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনায়। আটাছুৰ জিলা সভাপতি বাবুল বৰগোহাঁই, সহকাৰী সম্পাদক বিপুল চেতিয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি সঞ্জীৱ চেতিয়া, গোৰ্খা ছাত্ৰ সন্হাৰ ধেমাজি জিলাৰ সভাপতি সমৰাজ পুৰী, নাথ যোগী ছাত্ৰ সন্থাৰ জিলা সভাপতি দিপক নাথ, উপ সভাপতি সুভেশ নাথ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ উপ-সভাপতি সমীৰণ দেৱনাথ, কাৰ্যকৰী সভাপতি বিপ্লৱ সৰকাৰ, সহকাৰী সম্পাদক ঈশ্বৰ মণ্ডল, আক্ৰাছুৰ দেৱজিৎ দত্ত, সংৰক্ষণ মুক্ত চিচিবৰগাওঁ বিধানসভা সমষ্টি সংগ্ৰামী মঞ্চ ৰ সভাপতি দুলাল বৰুৱা, ৰুদ্ৰ ভূঞা আদি উপস্থিত থাকে।

Leave A Reply