Breaking

বাৰিষাৰ পূৰ্বে চেৰেণ নদীৰ ওপৰত দলং নিৰ্মাণ-নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবী…

0 13

বাৰিষাৰ পূৰ্বে চেৰেণ নদীৰ ওপৰত দলং নিৰ্মাণ-নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবী

বিভিন্ন জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ জোনাই ৰাজহ চক্ৰৰ ডেকাপাম গাওঁ পঞ্চায়তৰ চেৰেণ সোনোৱালৰ গাঁওখন। চেৰেণ সোনোৱাল গাঁৱৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা নদীখনে গাঁওখনক দুভাগ কৰি পেলায়। অবিভক্ত ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি  ষাঠি দশকতে প্ৰতিষ্ঠা হোৱা গাঁওখনৰ দক্ষিণ-পূৱ অংশত বসবাস কৰি আহিছে পোন্ধৰটা কৃষিজীৱী পৰিয়াল। চেৰেণ নদীখনৰ ওপৰত দলং নিৰ্মাণ নোহোৱাৰ ফলত বছৰৰ সকলো সময়তে ছাত্র-ছাত্ৰী সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে।

আনহাতে চেৰেণ নদীৰ পশ্চিম পাৰে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্র দুই কিলোমিটাৰলৈ  মঠাউৰি আছে যদিও নদীখনৰ পূৱ পাৰে থকা মঠাউৰিটো ঠায়ে ঠায়ে ছিন্ন ভিন্ন হৈ পৰিছে। আনহাতে চেৰেণ নদীখনৰ নামনি অংশত দুয়োপাৰে মঠাউৰি নিৰ্মাণ হোৱা নাই।যাৰফলত চেৰেণ নদীৰ বানপানী-খহনীয়াই চেৰেণ সোনোৱাল,মাছখোৱা, বুঢ়ীমূৰী, মাগুৰমাৰী গাঁৱৰ ঘৰভেটি-খেতিপথাৰ বছৰি বিস্তৰ ক্ষতিগ্ৰস্ত কৰি আহিছে। স্মৰণীয় যে  চেৰেণ নদীয়ে চেৰেণ সোনোৱাল গাঁৱখনক দুভাগ কৰি পেলোৱা অংশত নদীখনৰ ওপৰত দলং নিৰ্মাণ নোহোৱাৰ ফলত বছৰৰ বাৰমাহেই গাওঁখনৰ একাংশ পৰিয়ালে যাতায়তত দুৰ্ভোগ ভুগি আহিছে আৰু বাৰিষাত ছাত্ৰ -ছাত্ৰীৰ সৰ্বসাধাৰণ

ৰাইজৰ ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আহিছে। বাৰিষাৰ পূৰ্বে চেৰেণ নদীৰ ওপৰত দলং নিৰ্মাণৰ লগতে নদীখনৰ নামনি অংশত দুয়োপাৰে মঠাউৰি নিৰ্মাণ কৰিবলৈ সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি মৃদুপৱন সোনোৱাল, সাধাৰণ সম্পাদক চন্দন কছাৰী, ডেকাপাম আঞ্চলিক সমিতিৰ সভাপতি টেপৰাম সোনোৱাল,সাধাৰণ সম্পাদক সুশীল সোনোৱাল,চেৰেণ সোনোৱাল গাওঁ পৰিচালনা সমিতিৰ সভাপতি বদন সোনোৱাল,সম্পাদক ৰাজীৱ সোনোৱাল,আটাছুৰ চিমেন চাপৰি আঞ্চলিক  সমিতি, এবছুৰ চিমেন আঞ্চলিক সমিতিয়ে চৰকাৰ-প্ৰশাসনক দাবী জনাইছে।

Leave A Reply