ৰঙিয়া উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত পঞ্চায়ত সমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্যৰে বজাৰ গৃহ নিৰ্মাণ

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া উন্নয়ন খণ্ডৰ চৌহদত পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ(দ্বিতীয় কিস্তি) অনুদানৰ মুঠ ধাৰ্য পুঁজি ২৫,৩০,৪০০ টকাৰে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ বিপনন কেন্দ্ৰটোৰ(বজাৰ গৃহ) নৱ নির্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই । উক্ত অনুষ্ঠানত ৰঙিয়া মহকুমাধিপতি শ্ৰী স্বপ্নিল পাল, ৰঙিয়া উন্নয়ন খণ্ডৰ বিষয়া ধনজিৎ দত্ত , কামৰূপ জিলা আঞ্চলিক পঞ্চায়তৰ সভনেত্ৰী,আঞ্চলিক পঞ্চায়তৰ সভাপতিকে ধৰি সমষ্টিৰ  আঞ্চলিক পঞ্চায়ত সমূহৰ বিষয়ববীয়া সকলৰ লগতে সমাজ সচেতন ব্যক্তি, দলীয় কাৰ্যকর্তা আৰু উন্নয়ন খণ্ডৰ বিষয় ববীয়া সকল উপস্থিত থাকে। এই বজাৰ গৃহটোৱে স্থানীয় ৰাইজৰ বহুদিনীয়া অভাৱ এটি পুৰণ কৰিব মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

Related Articles