১১ জুনঃ Content Creator । সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন অশ্লীল ভিডিঅ’ লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিলাসীপাৰা অঞ্চলত। এই ভিডিঅ’ত থকা যুৱতীজনী জনপ্ৰিয় Content Creator পাৰবীন বুলি চিনাক্ত হৈছে। সামাজিক মাধ্যমত বিভিন্ন গোষ্ঠীয়ে ইতিমধ্যে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু চৰকাৰীভাৱে তদন্তৰ দাবী জনাইছে।

অভিযোগ অনুসৰি, পাৰবীন নামৰ এই যুৱতী গৰাকী সোণাপাতাৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে আগতে বহু আপত্তিজনক ৰীলচ আৰু ভিডিঅ’ সামাজিক মাধ্যমত আপল’ড কৰাৰ অভিযোগ আছিল। এইবাৰ অভিযোগ উঠিছে সোজা নিষিদ্ধ “নীলা ছবি” নিৰ্মাণত নামি পৰাৰ।

এই ঘটনা সকলো সমাজপ্ৰেমী লোকৰ মাজত গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ কিছুমান Content Creator কেৱল ভিউজ আৰু পচন্দৰ বাবে নৈতিকতাৰ সকলো সীমা অতিক্ৰম কৰি থকা পৰিলক্ষিত হৈছে। সমাজত মানসিক স্খলনৰ এই প্ৰবণতাই উদ্বেগজনক পৰিস্হিতি সৃষ্টি কৰিছে।

স্থানীয় ৰাইজ আৰু নাগৰিক সংগঠনে বিলাসীপারা আৰক্ষীৰ পৰা চূড়ান্ত তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষী অধীক্ষকক প্ৰশ্ন কৰা হ’লত তেওঁ কয় —
“আমাৰ গোটেই প্ৰযুক্তিগত শাখাই ইতিমধ্যে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। যদি প্ৰমাণ পোৱা যায় যে পাৰবীন সত্যই নীলা ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰত জড়িত, তেন্তে তেওঁৰ বিৰুদ্ধে IT Act আৰু IPC অনুসৰি কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
উল্লেখযোগ্য যে— ভাৰতীয় আইন অনুসৰি, অশ্লীল সামগ্ৰী নিৰ্মাণ আৰু প্ৰচাৰ দুয়োটাই গুৰুতৰ অপৰাধ। এইবিধ ঘটনাই পুনৰ এবাৰ দেখুৱাইছে যে, সামাজিক মাধ্যমত Content Creator হোৱাৰ নামত চলি থকা অপসংস্কৃতিৰ ওপৰত এতিয়া সময়ত প্ৰশাসনৰ কড়া চকু থকাটো জৰুৰী।