ওদালগুৰিত অব্যাহত জুৱা, চুলাইৰ অবাধ ব্যৱসায় বানিজ্য

ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ ওৰাং,ৰৌতা,মাজবাট,ওদালগুৰি আদি বিভিন্ন স্থান সমুহৰ লগতে মাজবাট , বেটালী, ধনশ্ৰী, লামাবাৰী, বেটিবাৰী, ধনশ্ৰী  চাহ বাগিছা আৰু পাশ্বৰ্বতী গাওঁ অঞ্চল,এলেকা সমুহত  এতিয়াও ৰমৰমীয়া লোকেল চুলাই মদৰ বেহা অব্যাহত আছে । বিশেষকৈ জিলা খনৰ চাহ বাগিচা অধ্যুষিক এলেকা আৰু গাঁও অঞ্চলত বিশেষকৈ সন্ধিয়া ভাগত সান্ধ্য আইন ভংগ কৰি চুলাই ,জুৱা,গাঞ্জা,ভাং ব্যৱসায়ী সকলে অৱকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই চুলাই মদ আদিৰ  ৰমৰমীয়া ব্যৱসায় চলাই অহাত চিন্তিত কৰিছে জিলাখনৰ সচেতন নাগৰিক সমিতিয়ে  । মাৰাত্মক ক’ভিড ১৯ ৰ প্ৰতি লক্ষ ৰাখি চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ লগতে বৰ্তমান চলি থকা সান্ধ্য আইনকো কেৰেপ নকৰি নিতৌ চুলাই মদ সৰবৰাহ চলি আহিছে জিলা খনৰ বিভিন্ন প্ৰান্তত । উল্লেখযোগ্য যে উক্ত স্থানত সমূহত আবকাৰী বিভাগৰ আবকাৰী আৰক্ষী সকলেও এই বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ফলত দিনক দিনে এই বেহা ব্যাপক ৰূপত গঢ়  লৈ উঠিছে । আবকাৰী  বিভাগে আজি পৰ্যন্ত এই সমূহত নাকী লগাবৰ বাবে আজিলৈ বিশেষ কাৰ্যকৰী  ব্যৱস্থা গ্ৰহণ গ্ৰহন কৰিব পৰা  নাই । উক্ত অঞ্চল সমূহত পুৱাৰে পৰা  সন্ধিয়া,নিশা  হোৱাৰ লগে লগে চুলাই ,জুৱা,ভাং,গাঞ্জা  আদিৰ ব্যৱসায় আৰু নিচাসক্ত লোকৰ অস্বাভাৱিক আচৰণৰ বাবে দীৰ্ঘ দিন ধৰি ৰাইজৰ বিভিন্ন ধৰণৰ  অসুবিধাৰ সৃষ্টি হৈ পৰিছে । ইয়াৰ প্ৰকোপত পৰি জিলাখনৰ বহু কলেজীয়া ছাত্ৰ সকলকো সন্ধিয়া হোৱাৰ লগে লগে বাইক লৈ এইবোৰ ভাটিত বহি নাইবা কোনো বাগান অঞ্চলৰ কাষত ,নদী পাৰ আদি ঠাইত বহি দৈনিক নিচা কৰাৰ লগতে যুৱ প্ৰজন্মৰ বাবেও ভাবুকি কঢ়িয়াই আনিছে । আবকাৰী বিভাগে এই ক্ষেত্ৰত গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজন হৈ পৰিছে বুলি অঞ্চলৰ ৰাইজে দাবী তুলি আহিছে যদিও আজিলৈ কোনো ধৰণৰ পদক্ষেপ নোলোৱাত চিন্তিত হৈ পৰিছে জিলাখনৰ সচেতন মহল । স্থানীয় সচেতন ৰাইজে এই সকল  চুলাই ব্যৱসায়,ভাং,গাঞ্জা আদিৰ  লগত থকা আবকাৰী বিভাগ    গোপন বুজাবুজি থকাৰ বাবেই ব্যৱসায়ী সকলে সহজতে এই ব্যৱসায় চলাই থাকিব পৰিছে বুলি অভিযোগ বহু দিন ধৰি উত্থাপিত হৈ আহিছে । এইবোৰ চুলাই,ভাং,গাঞ্জা আদি বোৰৰ ঘাটি গাঁৱে গাঁৱে গঢ় লৈ উঠাৰ ফলত জিলা খনৰ বহু অঞ্চলৰ সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে । ৰাইজৰ অভিযোগৰ ভিক্তিত আবকাৰী বিভাগে মাজে মাজে কমিশ্যন লৈ   অভিযান চলোৱাৰ নামত একাংকিকা নাটক  আৰাম্ভ আৰু শেষ কৰে ৷ যদিও  হাজাৰ হাজাৰ টকাৰ  অংকৰ বিনিময়ত সেই অভিযানৰ খবৰ আবকাৰী বিভাগৰ আৰক্ষীয়ে আগতীয়াকৈ চুলাই ব্যৱসায়ীক “আমি উচ্ছেদ  কৰিবলৈ গৈ আছো,মাল পত্ৰবোৰ লুকাই ৰাখিবি“ আৰু  আমাৰ কমিশ্যন আৰু মালটো সাজু কৰি ৰাখিবি’’ আদি ধৰনে খৱৰ দিয়াৰ ফলতেই অভিযানৰ সময়ত চুলাই ব্যৱসায়ী সকলে আঁতৰি যাবলৈ সক্ষম হয় বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ।তদুপৰি চুলাই ঘাটিবোৰ আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে ইতিপূৰ্বে নিৰ্ধাৰণ কৰা মাননী বা কমিশ্যন কম হলে বা নিদিলে চুলাই মদ ঘাটিবোৰ মাজে সময়ে উচ্ছেদ কৰি থকাটো এতিয়া নিতৌ নৈমিত্তিক স্বাভাবিক ঘটনাৰ লগতে এতিয়া সাধু কথাৰ মুখৰোচক কাহিনী  হৈ পৰিছে ৷আনহাতে ওৰাং আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও চুলাই ঘাটিবোৰ উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷আৰু ওৰাং আৰক্ষীয়ে  শ শ লিটাৰ চুলাই মদ নষ্ট কৰা দেখিবলৈ পোৱা গৈছে ৷উল্লেখযোগ্য যে চুলাইৰ ক্ষেত্ৰত চৰকাৰ খন কঠোৰ হোৱাৰ পৰিবৰ্তে ওদালগুৰি জিলাৰ ৰাইজক বাৰুকৈ চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে । ভুক্তভোগী ৰাইজে এইসমূহ চুলাই ঘাটিবোৰ স্থায়ী ভাবে উচ্ছদ কৰি কঠোৰ কাৰ্য  ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক  ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে দাবী উত্থাপন কৰিছে । 

Related Articles