মৰিয়নিৰ তৈলক্ষেত্ৰত অবিৰত তেল নিৰ্গমন, ক্ষতিগ্ৰস্ত শ শ বিঘা কৃষিভূমি…

মুম্বাইৰ অইলমেক্স নামৰ তৈল কোম্পানীটোৰ মৰিয়নিৰ চেলেংহাটস্থিত আমগুৰি ফিল্ডৰ অন্তৰ্গত ৫ নম্বৰ তৈলক্ষেত্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তৈলক্ষেত্ৰৰ পৰা অবিৰতভাবে নিৰ্গমন হোৱা খাৰুৱা তেলে চানি ধৰিছে তৈলক্ষেত্ৰৰ সমীপৰ কৃষিভূমি।ইতিমধ্যে খাৰুৱা তেলৰ বাবে ক্ষতিগ্ৰস্থ হৈছে বহু কৃষকৰ উৰ্বৰা কৃষিভূমি।কিন্তু ইমানৰ পিচতো কানসাৰ নাই অইলমেক্স নামৰ কোম্পানীটোৰ। প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ড কিম্বা যোৰহাট জিলা প্ৰশাসনক স্থানীয় ৰাইজে অভিযোগ প্ৰদান কৰা পাছতো বিষয়টোৰ সন্দৰ্ভত নিমাত হৈ থকাত দ্বিতীয় বাঘজানসদৃশ পৰিবেশ সৃষ্টি হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে তৈলক্ষেত্ৰৰ সমীপৰ টেঙাবাৰী গাঁওবাসী।আনহাতে তেল বিয়পি নষ্ট হোৱা কৃষি ভূমিৰ বাবদ ক্ষতিগ্ৰস্থ কৃষক সকলক তেল কোম্পানীটোৱে প্ৰদান কৰা নাই কোনো ধৰনৰ ক্ষতিপূৰন।

ইপিনে কৃষি ভূমিকে ধৰি টেঙাবাৰী গাঁওৰ বহু কেইটা পৰিয়ালৰ বাৰী পৰ্যন্ত তেল খাদটোৰ পৰা নিৰ্গমন হোৱা ক্ৰুড অইল বা কনডেন্স ছেট তেল বিয়পি পৰিছে।কিন্তু অইলমেস্ক নামৰ কোম্পানীটোৱে চৰম দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দি কৃষি ভূমিৰ পৰা তেল নিস্কাষনৰ ব্যৱস্থা নকৰা লগতে সুৰক্ষা মুলক কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।যাৰ বাবে যিকোনো মূহুৰ্ততে তেল খাদটোৰ সমীপত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ আশংকা সৃষ্টি হৈছে।

Related Articles