নাম্বাৰপাৰা -গোলাপাৰা সংযোগী দলঙৰ কামত ঠিকাদাৰৰ চৰম অৱহেলা

বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নৈৰ ওপৰত নাম্বাৰপাৰা – গোলাপাৰা সংযোগী দলঙখনৰ কাম যোৱা তিনি মাহে সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰ কাঞ্চন দাসে। SDRF আচনিঁৰ অধীনত ১  কৌটি ২৮ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ হব লগা কামত একাংশ স্থানীয় দালালৰ বাবে সম্পূৰ্ণ হৈ উঠা নাই বুলি অভিযোগ তুলিলে আমছুৱে। যোৱা কেইবাদিন ধৰি ধাৰাষাৰ বৰষুনৰ ফলত ৰাইজৰ বাবে নিৰ্মিত বিকল্প বাহঁৰ সাকোঁ উটি যোৱাত লোৰ জয়েচৰ ওপৰৰে বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে ৰাইজে ।যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

নিৰ্মানৰ সময়ত ৰাইজৰ যাতায়তৰ বাবে নাওঁৰ ব্যৱস্থা নকৰাত লোৰ জয়েচৰ ওপৰৰে বিপদ সংকুল ভাবে পাৰাপাৰ হৈছে স্থানীয় ৰাইজে। ১২ ঘন্টাৰ ভিতৰত দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে অন্যথাই গনতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আমছুৱে।

Related Articles