বেলশৰ থানা গাঁওৰক্ষী সমিতি আৰু আঞ্চলিক জেষ্ঠ্য নাগৰিক সমাজৰ সাহাৰ্য পুঁজিলৈ বৰঙণি

দেশৰ ক’ভিড পৰিস্হিতি  নিয়ন্ত্ৰনৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে সাধ্যানুসাৰে   পশ্চিম নলবাৰীৰ   বেলশৰ থানা গাঁওৰক্ষী সমিতি আৰু বৃহত্তৰ  বেলশৰ  আঞ্চলিক জ্যেষ্ঠ নগৰিক সমাজে কালি  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কিছু ধন চেক যোগে  প্ৰদান কৰে ৷  দুপৰীয়া ১ বজাত সংগঠন দুটাৰ চাৰিজনীয়া বিষয়ববীয়াৰ এটি দল চামতাস্থ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ বেলশৰ থানা গাঁওৰক্ষী সংঠনৰ চক্ৰ সংগঠক বিকাশমল্ল বুজৰবৰুৱা বেলশৰ থানা গাঁওৰক্ষী সমিতিৰ উপদেষ্টা প্ৰমোদ চন্দ্ৰ কলিতা, বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি বসন্ত মহন্ত আৰু সম্পাদক প্ৰভাত হালৈয়ে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া বাৰ্বী হাজৰিকাৰ হাতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বুলি তিনি হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে ৷ চক্ৰ বিষয়া হাজৰিকাই জ্যেষ্ঠ নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷

Related Articles