Breaking

অৱশেষত বিতৰ্কিত এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ গড়মূৰ আৰক্ষীৰ

0 148

তিনিদিনৰ জেৰাৰ অন্তত বিতৰ্কিত এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ।পোহৰলৈ আহিছিল ভাবী স্বামী ৰাণা প’গাগৰে ধনৰ লেনদেনৰ তথ্যবহু বিতৰ্কিত এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ।তিনিদিনৰ জেৰাৰ অন্তত গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জোনমণি ৰাভাক।আৰক্ষী অধীক্ষক গৌতম বৰাই সদৰি কৰিলে এই কথা।তিনিদিন ধৰি আৰক্ষীয়ে মাজুলীৰ গড়মুৰ থানাত মাৰাথন জেৰা চলাইছিল ৰাভাক।প্ৰৱঞ্চনাৰ গোচৰত ভাবি স্বামী ৰাণা পাগাগৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণিৰ।উল্লেখযোগ্য যে, প্ৰৱঞ্চনাৰ ঘটনাত জোনমণি ৰাভাৰ বিৰুদ্ধে আৰক্ষীয়ে বিভিন্ন ধৰণৰ তথ্য প্ৰমাণ লাভ কৰিছিল।

বিগত দুদিন ধৰি জোনমণি ৰাভাক আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত বহু নতুন তথ্য লাভ কৰিছিল আৰক্ষীয়ে।আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছিল ভাবী স্বামী ৰাণা প’গাগৰে ধনৰ লেনদেনৰ তথ্য।জোনমণি ৰাভাৰ একাউণ্টত সোমাইছিল লাখে লাখে টকা।ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাছতে জোনমণি ৰাভাৰ ওপৰত সন্দেহ বৃদ্ধি পাইছিল আৰক্ষীৰ।জোনমণিৰ দুটাকৈ বেংক একাউণ্টত সোমাইছিল প্ৰায় ২০ লক্ষাধিক টকা।জোনমণি ৰাভাৰ কানাড়া বেংকৰ একাউন্টত ১১,৩৩,১৭৪ টকাৰ লেনদেন হৈছিল।জোনমণিৰ এক্সিছ বেংকৰ একাউন্টটো সোমাইছিল ৯,১৪,২৬৯ টকা।আজি আৰক্ষীয়ে পুনৰ জেৰা চলাই এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে।

Leave A Reply