Breaking

মা-কামাখ্যা মন্দিৰক লৈ বিতৰ্ক! সংবাদমাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ

0 16

মা-কামাখ্যা মন্দিৰক লৈ বিতৰ্ক! সংবাদমাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ-

‘কিছু দিনৰ পৰা বিভিন্ন জনৰ মুখৰ পৰা অসম চৰকাৰে মা কামাখ্যা মন্দিৰত এক বিশেষ corridor নিৰ্মাণ কৰিব বুলি খবৰ পাইছে কুটুম্ব সুৰক্ষা পাইছোঁ। ইতিমধ্যেই, এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত বিচাৰ এটিও দাখিল কৰা হৈছে। www.change.org নামৰ এটি ডিজিটেল সামাজিক সাক্ষৰ গ্ৰহণকাৰী web portal ত ইতিমধ্যেই প্ৰায় ৩৫ হাজাৰ লোকে কামাখ্যা corridor নিৰ্মাণৰ নামত “মা কামাখ্যা”ৰ দৈৱিক আৰু প্ৰাকৃতিক শক্তিৰ গতি ধাৰা নষ্ট নকৰিবলৈ সাক্ষৰ প্ৰদান কৰিছে।’

বিষয়টো আপুনি-ম‌ই ভৱাৰ দৰে ইমান তৰল নহয়। “মা কামাখ্যা” শক্তিপীঠত পানীৰ এক প্ৰাকৃতিক গতি ধাৰা আছে। গোটেই নীলাচল পাহাৰ খনিয়েই এটি প্ৰচণ্ড শিল। আৰু একেটা শিলৰ ওপৰতেই দহ মহাবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ দহখন জাগ্ৰত পীঠ আৰু মহাদেৱৰ মন্দিৰ আছে। গতিকে, সেই শিলাখণ্ডৰ ওপৰত কিবা কৰিবলৈ মৰা যিকোনো এটা হাতুৰীৰ কোব পোনপটীয়াকৈ প্ৰতিখন শক্তি পীঠৰ ওপৰতেই পৰিব। আমি গঢ়া “শক্তি পীঠ” জানো সেয়া; যে আমি তাত হাতুৰীৰ কোব মাৰিম??

উন্নয়নৰ নামত আদি শক্তি পীঠৰ ওপৰত হাতুৰীৰ কোব কিন্তু খুবেই ভয়ংকৰ হ’ব। কাশী, উজ্জেয়িনীৰ দৰে corridor নিৰ্মাণ কৰিব পৰা স্বাভাৱিক ক্ষেত্ৰ মা কামাখ্যা শক্তিপীঠ তথা নীলাচল পাহাৰ নহয়।। নিজৰ বিপদ নিজেই চপাই নল’ব। আমি মা কামাখ্যা শক্তিপীৰ “বিজ্ঞান” বুজি পোৱাতো উচিত। দেখাক দেখি বিজ্ঞানৰ নামত প্ৰযুক্তিৰ প্ৰয়োগ কৰিলে; কিন্তু, প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ’ব; তেতিয়া ভূগিব সকলোৱে লাগিব।

মা কামাখ্যা corridor বিষয়ত কালি ASI (Archeological Survey of India) আৰু অসমৰ Archeological Department ৰ লগত কথা পাতিলো। তেওঁলোক এইক্ষেত্ৰত অজ্ঞ আৰু কোনো ধৰণে জড়িত নহয় বুলি জনালে বিভাগীয় মূৰব্বী দুয়োজনে।। কামাখ্যা ধামৰ দুজনমান জ্যেষ্ঠ লোকৰ সৈতে কথা পাতি বুজিলো যে তেওঁলোক এই corridor লৈ খুবেই উৎসাহিত। তেওঁলোকৰ কথাবোৰত তথাকথিত অন্ধবিশ্বাসৰ ওপৰত আধাৰিত লোক বিশ্বাসহে দেখিলোঁ; মা কামাখ্যা শক্তিপীঠৰ বিজ্ঞান হয়তো তেওঁলোকে বুজিবলৈ অপাৰগ। সচৰাচৰ পূজা-ব্ৰত-বলিৰ মাজতে মা কামাখ্যাৰ অস্তিত্ব থকা বুলি ধাৰণা কৰি আছে তেওঁলোকে। মানে এক কথাত বিধিগত পূজাখনহে কৰি আছে তেওঁলোকে; কিন্তু, মা কামাখ্যা শক্তিপীঠৰ লগত মূল “বিজ্ঞান”ৰ পৰা যেন বহু দূৰৈত তেওঁলোক।

‘যিকিনহওঁক; মা কামাখ্যাৰ এগৰাকী জ্যেষ্ঠ লোকে জনোৱাৰ মতে তাত কেনেদৰে শিল কাটিব পাৰি সেই বিষয়ত গুৱাহাটী IIT ৰ CIVIl Engineering বিভাগে পৰ্যবেক্ষণ কৰি আছে বুলি জনালে। তাৰ পিছত মই IITG ৰ Civil Engineering বিভাগৰ তিনিগৰাকী অধ্যাপক তথা গৱেষকৰ লগত ফোন যোগে কথা পাতিলোঁ; কোনো এজনেও মা কামাখ্যা শক্তিপীঠত হ’ব লগীয়া corridor কেন্দ্ৰিক কিবা কাম তেওঁলোকৰ তাত হৈ থকা কথাটো নাজানে বুলি আমাক জনালে। আচলতে, সমগ্ৰ বিষয়টো কিবা বুমেৰাং হৈ পৰা যেন লাগিছে।। কোনে ক’ত কি কৰি আছে যেন কোনোৱে নাজানে। মুঠৰ ওপৰত চৌদিশে যেন এক অৰাজক পৰিৱেশ।। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক; বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ কুটুম্ব সুৰক্ষা পৰিষদৰ।’

Leave A Reply