Breaking

চীনত পুনৰ বৃদ্ধি পালে কোৰোনাত মৃত্যুৰ সংখ্যা

0 22

চীনত পুনৰ প্ৰচণ্ড সংক্ৰমণ কৰ’না ভাইৰাছৰ। চীনত পুনৰ ত্ৰাস কৰিছে কৰ’না ভাইৰাছে। যি সময়ত প্ৰতিখন দেশ ক্ৰমান্বয়ে কৰ’না ভাইৰাছৰ কবলৰ পৰা সুস্থ হৈ উঠিছে, সেই সময়তে চীনৰ পৰিস্থিতি সলনি হৈছে। এতিয়াও কঠোৰ নিয়মেৰে মানি চলি আছে লকডাউন। যিমানেই নিয়ম বান্ধি নলওক কিয়, লকডাউন যিমানেই কঠোৰ নহওক কিয়, ক’ৰোনাৰ সংক্রমণ নিয়ন্ত্রণ হোৱা নাই৷ শেহতীয়াকৈ চীনত ছমাহ থকাৰ পাছত পুনৰ ক’ৰোনা মৃত্যুৰ পঞ্জীয়ন হৈছে৷ এইখিনিলৈকে দেশৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিছে যে ক’ৰ’না মৃত্যু হৈছে বহুজনৰ।

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে প্ৰকাশ কৰা অনুসৰি ক’ৰোনা ভাইৰাছৰ বাবে বেইজিঙৰ এজন ৮৭ বছৰীয়া ব্যক্তিৰ মৃত্যু হৈছে। ড্ৰেগন দেশে ঘোষণা কৰিছে যে তেওঁলোকৰ দেশৰ প্ৰায় ৯২ শতাংশ লোকে কমেও এটা ড’জ কৰ’না ভেকচিন গ্ৰহণ কৰিছে।

কিন্তু বয়োজ্যেষ্ঠসকলক ভেকচিন সঠিকভাৱে বিতৰণ নকৰাৰ স্থানীয় উৰাবাতৰি। শেহতীয়াকৈ কভিড নিষেধাজ্ঞাৰ বাবে ঝেংঝৌত দুটা শিশুৰ মৃত্যু হৈছে। ইয়াৰ বাবে নামি অহা ড্ৰেগন চৰকাৰে তিনি বছৰৰ কম বয়সৰ লোকৰ ওপৰত থকা বাধা শিথিল কৰি স্পষ্ট কৰি দিলে যে শিশুসকলক Covid negative certificate ৰ প্ৰয়োজন নাই।

Leave A Reply