অৱশেষত ভুৱা কভিড-১৯ৰ আক্ৰান্ত হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰি আৰক্ষীৰ হাতত আটক হ’ল নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰবীন বৰুৱা। নগাঁও সদৰ আৰক্ষী থানাৰ এটি গোচৰৰ ভিত্তিত আজি বিয়লি কৃষি বিষয়া গৰাকীৰ নগাঁও চহৰৰ লাওখোৱা পথত থকা নিজা বাসগৃহৰ পৰা আৰক্ষীৰ দলে আটক কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে- নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰবীন বৰুৱাই চিকিৎসকৰ এখন প্ৰমাণ পত্ৰত জালিয়াতি কৰি নিজকে কভিড আক্ৰান্ত হোৱা বুলি লিখাৰ অপৰাধতে আটক হ’ল নগাঁৱৰ কৃষি বিষয়া গৰাকী ৷ নগাঁও সদৰ আৰক্ষী থানাৰ ১৩৬১/২১ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰিছে নগাঁৱৰ মহকুমা কৃষি বিষয়া বৰুৱাক ৷ উল্লেলযোগ্য যে, নগাঁৱত চলি থকা ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেটৰ লগত নাম সাঙুৰ খাই পৰা প্ৰবীন বৰুৱাক শেহতীয়াকৈ কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত কৃষি বিভাগৰ যুটীয়া সচিবে মৰিগাঁৱলৈ বদলি কৰে। বদলিৰ নিৰ্দেশ পোৱাৰ পাছতো চকী এৰা নিদিয়া প্ৰবীন বৰুৱাই আৰু বদলিৰ নিৰ্দেশৰ স্থগিতাদেশ জাৰি কৰাবলৈ ক’ভিড পজিটিভৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া গৰাকীয়ে ৷ কিন্তু বিষয়া গৰাকীৰ এই অপকৰ্মৰ তথ্য সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত কৃষি বিষয়া গৰাকীক প্ৰমান পত্ৰ দিয়া চিকিৎসক গৰাকীৰো বিষয়টো দৃষ্টি গোচৰ হয়। বিষয়টো সন্দৰ্ভত জানিব পৰা মতে- নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক চন্দন শৰ্মাই আন ৰোগ থকা বুলি কৃষি বিষয়াজনক দিয়া মেডিকেল চাৰ্টিফিকেটত নিজে লিখি লৈছিল ক’ভিড পজিটিভ বুলি ৷আনকি ক’ভিড পজিটিভ হোৱা বুলি দেখুৱাই নগাঁৱৰ পৰা মৰিগাঁও জিলালৈ বদলি কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ কৃষি বিভাগৰ যুটীয়া সচিবলৈ আবেদন কৰিছিল কৃষি বিষয়া গৰাকীয়ে ৷ পিছত সকলো তথ্য পোহৰলৈ অহাত নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা° চন্দন শৰ্মাই দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত এক গোচৰ ৰুজু কৰি আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষি বিষয়া গৰাকীক । বিগত সময়খিনিত কেৱল নগাঁও জিলাতে চাকৰি জীৱনৰ প্ৰায় কুৰি বছৰ কাল কাৰ্যনিবাহ কৰি ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল প্ৰবীন বৰুৱাৰ বিৰুদ্ধে। আনকি গুৰু-গোঁসাই নমনা এই বিষয়া গৰাকীয়ে ৰাসায়নিক সাৰৰ কেলেংকাৰী কৰাৰ উপৰিও জনৈক খাউণ্ড উপাধিৰ জিলা কৃষি বিষয়া গৰাকীৰ লগলাগি বিভাগীয় নীতি নিয়ম উলংঘা কৰি বহু সংখ্যক ৰাসায়নিক সাৰৰ বিক্ৰী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা, টেক্টৰ প্ৰদানকে আদি কৰি বিভিন্ন অনিয়ম আৰু দূৰ্নীতিৰে লুটুৰিপুতুৰি হৈ পৰিছিল।

