Breaking

‘চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি আৰু নেপটিজিম শেষ হৈছে’: ৰজগাৰ মেলাত প্ৰধানমন্ত্ৰী মোডী…

0 69

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে নিযুক্তি ব্যৱস্থাত পৰিৱৰ্তন আনিছে। আজি ‘ৰ’জগাৰ মেলা’ত ৭১,০০০ৰো অধিক লোকক নিযুক্তি পত্ৰ প্ৰদান কৰি দুৰ্নীতি আৰু নেপটিজিমৰ সম্ভাৱনাৰ অন্ত পেলাইছে বুলি মন্তব্য কৰে। চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ পৰা আৰম্ভ কৰি ফলাফল ঘোষণালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইনত কৰা হৈছে বুলিও কয়। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি আৰু নেপটিজিমৰ সম্ভাৱনা এতিয়া শেষ হৈছে।

ৱালমাৰ্ট, এপল, ফক্সকন আৰু চিস্কোকে ধৰি বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ চিইঅ’সকলৰ সৈতে শেহতীয়াকৈ হোৱা বৈঠকৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰত “অভূতপূৰ্ব ইতিবাচকতা” আছে বুলি দৃঢ়তাৰে কয়। ইপিএফঅ’ৰ নেট পে-ৰোলৰ পৰিসংখ্যাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে আনুষ্ঠানিক নিয়োগ বৃদ্ধি পোৱাৰ লগে লগে ২০১৮-১৯ চনৰ পৰা ৪.৫ কোটিৰো অধিক লোকে চাকৰি লাভ কৰিছে।এফ ডি আই আৰু দেশৰ অভিলেখ ৰপ্তানিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আহিছে বুলি উল্লেখ কৰে।

Leave A Reply