হোজাই আৰু নগাঁৱৰ গ্ৰামোন্নয়নত দুৰ্নীতি : নগাঁও গ্ৰামোন্নয়ন বিভাগত জৱকাৰ্ড প্ৰিন্টিঙৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ

ডবকা : কৰোনা ভাইৰাছৰ বিভিষীকাৰ মাজতে লকডাউনৰ সুযোগতে নগাঁও গ্ৰামোন্নয়ন বিভাগত জৱকাৰ্ড প্ৰিন্টিঙৰ নামত বৃহৎ দুৰ্নীতি হোৱা খৱৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি নগাঁও গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ১৩টা উন্নয়ন খণ্ডৰ বাবে প্ৰয়োজন হোৱা জৱকাৰ্ড সমূহ  প্ৰিন্টিঙৰ ব্যৱস্থা কৰা হয়। নিয়ম অনুসৰি এই জৱকাৰ্ড সমূহ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ে উন্নয়ন খণ্ড সমূহক যোগান ধৰে আৰু ইয়াৰ বাবে কাৰ্যালয়ে আগতীয়া জাননী দি নিবিদা সংগ্ৰহ কৰিব লাগে কিন্তু নগাঁও গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গৰাকীয়ে আগতীয়াকৈ জাননী অবিহনে আৰু নিবিদা সংগ্ৰহ নকৰাকৈ প্ৰকল্প বিষয়া দেবাশীষ বৈশ্যৰ অতি ঘনিষ্ঠ বুলি জাহিৰ কৰা জনৈক ৰাজখোৱা নামৰ ঠিকাদাৰজনক কামখিনিৰ দ্বায়িত্ব দিয়াৰ অভিযোগ উঠিছে। প্ৰকল্প বিষয়া গৰাকীয়ে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দ্বায়িত্বত থকাৰ লগতে নগাঁও গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালকৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দ্বায়িত্বত থকাৰ সুবিধাৰ বাবেই প্ৰায় ১৫/২০ লাখ টকাৰ জৱকাৰ্ড প্ৰিন্টিঙৰ নামত খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে। হয়তো কাগজে কলমে ঠিকেই   প্ৰিন্টিং কৰা দেখুৱা হৈছে যদিও প্ৰকৃততে নিজৰ লাভালাভৰ বাবে পৰিমাণতকৈ কম প্ৰিন্টিং কৰাৰ সন্দেহ কৰিছে একাংশ সচেতন লোকে। জিলাখনৰ প্ৰায় ২৩ হাজাৰ দৰিদ্ৰ শ্ৰমিকে  এম জি এনৰেগা কামৰ বাবে জবকাৰ্ডৰ জৰিয়তে কামৰ বাবে আবেদন কৰিছিল যদিও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। নগাঁও আৰু হোজাই জিলাৰ ১৮  টা কৈ উন্নয়ন খন্ডত চতুৰ্থ বিত্তীয় আয়োগৰ অধীনতো বিয়াগোম খেলি মেলি চলাৰ লগতে জৱকাৰ্ডৰ নামত বৃহৎ দুৰ্নীতি চলোৱাৰ অভিযোগ উঠিছে। এক উচ্চ পৰ্যায়ৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে একাংশ দল সংগঠনৰ লগতে ৰাইজে।

Related Articles