Breaking

দুৰ্নীতিয়েই নীতি অসম ফাৰ্মাচী কাউঞ্চিলত, কাৰ আশীৰ্বাদত জেপ গধুৰ হৈছে বিষয়াৰ

0 79

দুৰ্নীতিয়েই নীতি অসম ফাৰ্মাচী কাউঞ্চিলত, কাৰ আশীৰ্বাদত জেপ গধুৰ হৈছে বিষয়াৰ। গড়ৰ ছাললৈ পৰ্যবসিত স্বাস্থ্য বিভাগ। কেশব মহন্তৰ নাকৰ তলত দুৰ্নীতিৰ বেহা, ধোঁৱাচাঙত শূন্য সহনশীল নীতি। সোনৰ কনী পৰা হাঁহলৈ পৰ্যবসিত হোৱা অসম ফাৰ্মাচী কাউঞ্চিলে অতি কৌশলেৰে অস্তিত্ব বিহীন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীক ফাৰ্মাচিষ্ট সজাই বিষয়াই জেপ গধুৰ কৰাৰ গুৰুতৰ অভিযোগে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে অসম ফাৰ্মাচী কাউঞ্চিলে নতুন দিল্লীৰ উৰ্দু এডুকেচন বোৰ্ডৰ অধীনৰ বি ফাৰ্ম, ডি ফাৰ্ম ছাত্ৰ ছাত্ৰীক ফাৰ্মাচিষ্টৰ পঞ্জীয়ন কৰাইছিল। যদিও কাউঞ্চিলৰ পঞ্জীয়ক গৰাকীয়ে সততে নিকা পথেৰে পঞ্জীয়ন কৰা বুলি দম্ভালি মাৰি অহাৰ বিপৰীতে কাউঞ্চিলৰ বিৰুদ্ধে উঠা অভিযোগ অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় সংখ্যালঘু শিক্ষা আয়োগে উৰ্দু এডুকেচন বোৰ্ড নামৰ কোনো প্ৰতিষ্ঠান নাই আৰু এই প্ৰতিষ্ঠানৰ অন্তৰ্গত কোনো বিদ্যালয়ে মাৰ্কশ্বিট, উৰ্ত্তীণৰ প্ৰমান পত্ৰ প্ৰদান কৰিব নোৱাৰে বুলি ২০২২ বৰ্ষতেই জাননী জাৰি কৰি ঘোষনা কৰিছিল। অভিযোগ মতে ইয়াৰ পিছতো অসম ফাৰ্মাচী কাউঞ্চিলে বিষয়টো ন্যুনতম গুৰুত্ব প্ৰদান নকৰিলে নিজৰ মুনাফা লুটাৰ স্বাৰ্থত। ইতিপূৰ্বে “দৈনন্দিন বাৰ্তা” কাকতত ফাৰ্মাচী কাউঞ্চিলৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি প্ৰকাশিত হৈছে যদিও স্বাস্থ্য মন্ত্ৰী কেশব মহন্তক টোপনিৰ পৰা জগাই পৰা নাই। মন্ত্ৰী মহন্তই কি কাৰণত ফাৰ্মাচী কাউঞ্চিলৰ দুৰ্নীতিক ন্যুনতম গুৰুত্ব প্ৰদান কৰা নাই সেয়া ৰহস্য আবৰ্তত। স্বাস্থ্যখণ্ডত ফাৰ্মাচিষ্টৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ পিছতো স্বাস্থ্য বিভাগে কাৰ স্বাৰ্থত অসম ফাৰ্মাচী কাউঞ্চিলক মুক্ত ভাবে দুৰ্নীতি কৰিবলৈ মৌন অনুমতি প্ৰদান কৰিছে সেয়া অসমবাসীৰ বাবে কোটি টকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে।

Leave A Reply