Breaking

কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্যপ্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত বিশ্ব জল দিৱস উদযাপন…

0 80

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰু বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্য প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব জল দিৱস উদ্‌যাপন কৰা হয় । বিভাগটোৰ মূৰব্বী ড° ময়ুৰী চাবুকধৰাৰ নেতূত্বত অহা ৫০ জনীয়া সহযোগী অধ্যাপক আৰু শিক্ষাৰ্থীৰ দলক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ঝুমুৰ নৃত্য পৰিৱেশনৰে আদৰণি জনায় । বিশ্ব জল দিৱসৰ তাৎপৰ্য সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তৃত্বা প্ৰদান কৰে বিভাগীয় মূৰব্বী অধ্যাপিকা ড° ময়ুৰী চাবুকধৰাই ।

আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে এইদৰে ভিতৰুৱা দুৰ্গম এলেকাত আহি ছাত্ৰ-ছাত্ৰীক জল দিৱসৰ বিষয়ে সজাগ আৰু সচেতন কৰাৰ বাবে কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ এই মহান প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে। বিশ্ব জল দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশ্ববিদ্যালয়খনৰ সঁজাতী দলটিয়ে তথ্য চিত্ৰ প্ৰদৰ্শন কুইজ প্ৰতিযোগিতা চিত্ৰাঙ্কণ প্ৰতিযোগিতা আৰু অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পানীৰ বিশুদ্ধতা নিৰীক্ষণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰে । প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে মূৰব্বী অধ্যাপিকা ড° ময়ুৰী চাবুকধৰা অধাাপিকা ড° লীনা বৰা অধ্যাপক ড° নৱজিৎ হাজৰিকা অধ্যাপক ড° নাৰায়ণ শৰ্মা বিজ্ঞানী বিষয়া ড° এইছ ৰণজিৎ সিং আৰু পি এইচ ডিৰ গৱেষণাকাৰীসকলে।

Leave A Reply