Breaking

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মৃৎশিল্পৰ কৰ্ম্মশালা…

0 223

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মৃৎশিল্পৰ কৰ্ম্মশালা

যোৱা ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিল তাৰিখলৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে ইণ্ডিয়ান নেশ্বনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ(INTACH), অসম আৰু কামৰূপ শাখাৰ সহযোগত স্কিল ইণ্ডিয়া আৰু বিকশিত ভাৰত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৃৎশিল্পৰ এখনি তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে। দক্ষতা বিকাশৰ এই “দ্য আৰ্ট অব্ প’টাৰী মেকিং” শীৰ্ষক কৰ্মশালাখনিত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে। INTACH অসম শাখাৰ সংযোজক প্ৰফেচৰ শীলা বৰা আৰু প্ৰত্নতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° মঞ্জিল হাজৰিকাই নেতৃত্ব লোৱা এই কৰ্মশালাখন মুকলি কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গদেৱে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত বিভিন্ন সময়ত উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকা, প্ৰতি- উপাচাৰ্য প্ৰফেচৰ গণেশচন্দ্ৰ ৱাৰী, প্ৰফেচৰ ৰাখী কলিতা মৰল, প্ৰফেচৰ ডেইজী দাস, ড° হীৰেন ডেকা, ড° নাৰায়ণ শৰ্মা, ড° পূৰৱী ডেকা বোস, ড° নীৰ্জন্তা দেৱী, ড° ডিম্পী মহন্ত, বিৰূপাক্ষ গিৰি বসুমতাৰী, জৌগাথি বসুমতাৰী আৰু বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাসকলে । লগতে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা ড° সংগীতা গগৈ আৰু তেখেতৰ সহকৰ্মীসকলেও এই অনুষ্ঠানত উপস্থিত থাকি সৌস্থৱ বৃদ্ধি কৰে।

প্ৰত্নতত্ত্ব বিভাগৰ ব্যৱহাৰিক আৰু শৈক্ষিক কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বাইহাটা চাৰিআলিৰ প্ৰখ্যাত হীৰা মৃৎশিল্পী মাকনি হীৰা, দীনেশ হীৰা আৰু দিপেন হীৰাক এই কৰ্মশালাখনিত ছাত্ৰ ছাত্ৰীৰসকলৰ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশিক্ষণত মাটিৰে বিভিন্ন ধৰণৰ সাজ-বাচন, চাঁকি, হৰাপ্পা আৰু নৱপ্ৰস্তৰ যুগৰ ভিন্ন প্ৰকাৰৰ সামগ্ৰী, অলংকাৰ, পুতলা, মুখাৰ আৰ্হি তৈয়াৰ কৰে। নৱপ্ৰস্তৰ যুগতে বিকাশ হোৱা এই শিল্পটি বৰ্তমানেও অসমৰ বিভিন্ন ঠাইত হীৰা আৰু কুমাৰ শিল্পীসকলে ধৰি ৰাখিছে। যদিও বিভিন্ন কাৰণত ই ক্ৰমান্বয়ে ঠাই বিশেষে বিলুপ্তপ্ৰায় অৱস্থা পাইছে, তথাপি এই প্ৰাচীন কলাবিধক পুনৰুজ্জীৱিত কৰাৰ লগতে উঠি অহা প্ৰজন্মক শিল্পটিৰ লগত জড়িত কৰাৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা কৰ্ম্মশালাখনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মৃৎশিল্পৰ পৰম্পৰাগত নিৰ্মাণশৈলী আৰু ব্যৱহাৰিক দিশৰ প্ৰতি অনুপ্ৰেৰণা যোগাব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। লগতে অনাগত দিনত এই কৰ্ম্মশালাখনিত নিৰ্মিত মৃৎশিল্পৰ সামগ্ৰীসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব বুলিও আয়োজক ড° মঞ্জিল হাজৰিকাই জনাই

Leave A Reply