Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া এছিয় ম’হৰ গণনা আৰম্ভ…

0 2,063

বিশ্বৰ সৰ্বাধিক এছিয় ম’হ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে এছিয় ম’হৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ নিজৰ নিজৰ বন শিবিৰ এলেকাত এছিয় ম’হৰ গণনা কৰিব বন কৰ্মীসকলে । ম’হ গণনা কৰিবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনো খণ্ডত বিভক্ত কৰা হোৱা নাই । কাৰণ এইবাৰ কিছু আগতীয়াকৈ বাৰিষা অহাত উদ্যানৰ বহু এলেকা পানী আৰু বোকা হৈ পৰিছে। ইফালে ম’হ গণনা হাতীৰ পিঠিত উঠি কৰিব লাগে যদিও পর্যাপ্ত সংখ্যক পোহনীয়া হাতী নথকাত কিছু সমস্যাৰ সৃষ্টি হৈছে। এনেবোৰ অসুবিধাৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বন শিবিৰৰ বনকৰ্মীয়ে নিজ নিজ এলেকাত পৰ্যবেক্ষণ কৰি ম’হ গণনা কৰিব।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গবেষণা বিষয়া ৰবীন্দ্র শর্মাই জানিবলৈ দিয়া মতে – কাজিৰঙাৰ বনৰীয়া ম’হৰ গুৰুত্ব অসীম। এই ম’হ সঘনাই অর্থাৎ সকলো সময়তে দেখি থাকো কাৰণে গুৰুত্ব কম দিয়া হয় যদিও বিশ্বৰ ৯০ শতাংশ এছিয় ম’হ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই আছে। ইন্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অফ নেচাৰ চমুকৈ আই ইউ চি এন (IUCN)ৰ বিলুপ্তপ্রায় বন্যপ্রাণীৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত একে প্ৰজাতিৰ বনৰীয়া ম’হ ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে দক্ষিণ-পূর্ব এছিয়াত এটা সময়ত পোৱা গৈছিল যদিও বর্তমান বিলুপ্তপ্রায় হৈ পৰিছে। যাৰ কাৰণে চত্তিছগড় চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এছিয় ম’হ বিচাৰি আবেদন কৰিছে বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, কাজিৰঙাত ১৯৬০ চনৰ পৰাই ম’হ গণনা আৰম্ভ কৰা হৈছিল। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে প্রথম বাৰ অর্থাৎ ১৯৬০ চনত ৪৭১ টা, ১৯৭২ চনত ৫৫৫ টা, ১৯৭৮ চনত ৬১০টা, ১৯৮৪ চনত ৬৭৭ টা, ১৯৯১ চনত ১০৯০ টা, ১০৯৩ চনত ১০৩৪ টা ১৯৯৯ চনত ১১৯২ টা আৰু ২০০১ চনত ১৪৩১ টা ম’হ পোৱা গৈছিল।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰণালীবদ্ধভাৱে ২০০৭ চনত গণনা কৰি ১৯৩৭ টা এছিয় ম’হ পোৱা গৈছিল। সুদীৰ্ঘ ১৫ বছৰৰ পিছত পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ম’হ গণনা কৰিবলৈ লোৱাত পূৰ্বৰ তুলনাত দুগুন বৃদ্ধি পাব বুলি উদ্যান কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহু সংখ্যক পোহনীয়া ম’হৰ পুঁটি আছে আৰু পোহনীয়া ম’হ সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এছিয় ম’হৰ সংস্পৰ্শলৈ আহি থাকে বা বনৰীয়া ম’হৰ বিভিন্ন সময়ত পোহনীয়া ম’হৰ সৈতে মিলন ঘটে। পোহনীয়া ম’হৰ সৈতে বনৰীয়া ম’হ সংস্পৰ্শলৈ অহাত ইতিমধ্যে কাজিৰঙাত বহু সংখ্যক ম’হ বন ঘৰচীয়া ম’হলৈ পৰিণত হৈছে। অৱশ্যে এই সংমিশ্রণ কাজিৰঙাত থকা এছিয় ম’হৰ বাবে শুভ লক্ষণ নহয় বুলি মত প্ৰকাশ কৰিছে প্ৰানী বিজ্ঞানীয়ে।

Leave A Reply