Breaking

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ সমাগম

0 2,257

আজি পবিত্ৰ কাতি মাহৰ অন্তিমটো দিন ।আজি পবিত্ৰ কাতি মাহৰ অন্তিমটো দিনতেই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। এক লোকেলোকাৰণ্য পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।লোক বিশ্বাস মতে হাজোৰ পবিত্ৰ তীৰ্থ স্থান হয়গ্ৰীৱ মাধৱ মন্দিৰত কাতি মাহত এপাহ তুলসি আগবঢ়াই সেৱা ললে সকলো অপায় অমঙ্গল দূৰ হোৱাৰ লগতে মনৰ আশাও পূৰ্ন হয় আৰু ৰোগ নিৰাময় হ’য়। অতীজৰে পৰা চলি অহা এই বিশ্বাসৰ বাবেই পবিত্ৰ কাতি মাহত দূৰ দূৰনিৰ পৰা সেৱা জনাবলৈ অগণন লোক আহে হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ । সমান্তৰাল আজি পবিত্ৰ কাতি মাহৰ শেষৰটো দিনত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । নিশ্চিতভাৱে এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে।

Leave A Reply