হানিমুনলৈ আহি শ্বিলঙত নিখোঁজ দম্পতিঃ শেষ দিনটোত কি কৰিছিল ৰাজা আৰু সোনমে? পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা তথ্য । Couple missing in Meghalaya:

৮ জুন: Couple missing in Meghalaya : ইন্দোৰৰ পৰা হানিমুনলৈ শ্বিলঙ আহিছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম ৰঘুবংশী। সেই আনন্দৰ যাত্ৰাই এতিয়া পৰিণত হৈছে এক ভয়ংকৰ দুঃস্বপ্নলৈ। দুয়ো জনৰ নিখোঁজ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। সময়ৰ সৈতে উন্মোচিত হৈছে একেৰাহে গা শিহৰোৱা তথ্য।

সূত্ৰ অনুসৰি, ৰাজা আৰু সোনম ২৩ মে’ তাৰিখে শ্বিলঙত হানিমুনৰ শেষ দিনটো পাৰ কৰি আছিল। সেই দিনা দুপৰীয়া ১:১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ লগত ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতে, নিশা ১২:৩৭ বজাত সোনমেও তেওঁৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড কথা পাতিছিল। পৰিয়ালৰ মতে, তেওঁলোক পাহাৰখনৰ পৰা উভতি আহি আছিল, আৰু এই সময়ছোৱাত ইজনে সিজনৰ লগত শেষবাৰৰ বাবে ফোনযোগে কথা পাতিছিল।

ৰাজাৰ মোবাইলৰ GPS ডাটাৰ ভিত্তিত, তেওঁৰ গাড়ীৰ শেষ লোকেশ্বন ২৩ মে’ৰ দুপৰীয়া ২ বাজি ৫ মিনিটত ধৰা পৰে, য’ত গাড়ীখন সম্পূৰ্ণৰূপে থিয় অৱস্থাত আছিল। এই সময়তে দুয়ো জনৰ সৈতে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা শক্তিশালীভাৱে ধৰা পৰিছে।

GPS আৰু কল-ডিটেইলৰ পৰ্যালোচনাৰ ভিত্তিত অনুমান কৰা হৈছে—দুপৰীয়া ২ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত ৰাজা আৰু সোনমক পথত ৰখাই আক্ৰমণ কৰা হৈছিল। পৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে যে, দুয়ো জনক আগতে পৰাই অনুসৰণ কৰা হৈছিল আৰু এই আক্ৰমণ আছিল সম্পূৰ্ণৰূপে পৰিকল্পিত।

ৰাজাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইন্দোৰত তেওঁৰ শেষকৃত্য সম্পন্ন হৈছে। কিন্তু সোনমৰ অৱস্থা এতিয়াও অজ্ঞাত। তেওঁৰ সন্ধানত মেঘালয় আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই ঘটনাই গোচৰ পালে এক গভীৰ ষড়যন্ত্ৰৰ সন্ধান।

এই হৃদয়বিদাৰক ঘটনাই কেৱল এখন পৰিয়ালৰ শান্তি হৰণ কৰিছে নহয়, বৰং পৰ্যটন স্থানৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰতো বহুতো প্ৰশ্ন তুলিছে। সোনমৰ সন্ধানত সকলোৰে দৃষ্টি এখনেদিন শ্বিলঙ অভিমুখী।

Related Articles