Breaking

উত্তৰ গুৱাহাটী সাহিত্য চক্ৰ, কৃষ্টিৰ কাৰেং আৰু আবিলেকৰ সৌজন্যত গাম্ভীর্যপূর্ণ ভাবে শিল্পী সম্বৰ্ধনা আৰু সংগীতানুষ্ঠান

0 72

উত্তৰ গুৱাহাটীৰ সাংস্কৃতিক অনুষ্ঠান কৃষ্টি কাৰেং, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু উত্তৰ গুৱাহাটী সাহিত্য চক্ৰৰ যৌথ উদ্যোগত আবিলেকৰ প্ৰেক্ষাগৃহত দিনৰ ২-৩০ বজাৰ পৰা এক গাম্ভিৰ্যপূৰ্ণ আনুষ্ঠানত বিশিষ্ট শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। একোখনকৈ ফুলাম গামোচা, আৰনাই একোটাকৈ পিতলৰ জাপিৰ স্মাৰক আৰু শিল্পী সকলৰ নিজৰ কলাত প্ৰভূত্বৰ কথা উল্লেখ কৰি একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

সম্বৰ্দ্ধনা জনোৱা বিশিষ্ট শিল্পী সকল হ’ল ক্ৰমে- ৰূপান্তৰিত বৰুৱা, অসীমজ্যোতি বৰুৱা,কৰঙনাধৰ শৰ্মা,প্ৰজ্ঞান বৰুৱা,প্ৰদিপ কলিতা,শীখা দত্ত আৰু ক’লীন আঠপৰীয়া। এই অনুষ্ঠানতেই আবিলাকৰ সঞ্চালক ড° দিলিপ কুমাৰ কলিতাই ভায়োলিনত স্বনামধন্য শিল্পী ড° ভূপেন হাজৰিকাৰ কন্ঠৰ গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মোহিত কৰে। আকাশবাণী গুৱাহাটীৰ নিয়মীয়া শিল্পী ৰূপাঞ্জলী বৰুৱাই ভূপেন হাজৰিকাৰ এৰাবাতৰ সুৰ ছবিৰ লতা মংগেশকাৰৰ কন্ঠৰ গীত “জোনাকৰে ৰাতি” পৰিৱেশন কৰি সংগীতানুষ্ঠানৰ ৰাইজক আপ্লুত কৰে।

সুদূৰ কানাডাৰ পৰা পৰিয়াল সহ উপস্থিত হয় শিল্পী ক’লিন আঠপৰীয়া। তেখেত কী-বৰ্ডত পিয়ানুৰ সুৰত ড° ভূপেন হাজৰিকাৰ গীত আইতোক কিহেৰে পুজিমে আৰু দোলা হে দোলা আদি গীত পৰিৱেশন কৰি ৰাইজৰ পৰা সমাদৃত হয়। ক’লিন আঠপৰীয়াই ইউৰোপ আমেৰিকা আদিত পিয়ানুত শাস্ত্ৰীয় সংগীত পৰিবেশন কৰি যথেষ্ট সমাদৃত হৈছে। বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভ কৰা এই অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ বিশিষ্ট ব্যক্তি আৰু শিল্পী সকলো উপস্থিত আছিল।

কান্তাধৰে এটি গীত পৰিবেশন কৰি অনুষ্ঠানৰ শুভ আৰাম্ভণি কৰা হয়।আবিলেকৰ সঞ্চালক ড° দিলিপ কুমাৰ কলিতাই আজিৰ এই অনুষ্ঠানৰ সুন্দৰ বাখ্যা আগবঢ়াই। শিল্পী অসীম জ্যোতি বৰুৱা, প্ৰজ্ঞান বৰুৱা আৰু স্থানীয় শিল্পী ঈশান বৰুৱায়ো গীত পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানত একালৰ ভূপেন হাজৰিকাৰ বাদ্যযন্ত্ৰৰ সতীৰ্থ শিল্পী কমল কটকীও উপস্থিত থাকে আৰু ভূপেন হাজৰিকাৰ গীতৰ এখনি অনুবাদমুলক গ্ৰন্থও উন্মোচন কৰে শিল্পী কমল কটকীয়ে।

তেখেতেও স্ব মহিমাৰে দোলা হে দোলা গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে।এই অনুষ্ঠানতেই কাকলী বৰুৱাৰ পৰিচালনাত ৰূদ্ৰ বৰুৱাৰ এটি সুন্দৰ সমবেত সংগীত স্থানীয় মহিলা সকলে পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়াই। কৃষ্টিৰ কাৰেংৰ সভাপতি উৎপল বেজবৰুৱাৰ সুন্দৰ পৰিচালনাত এই অনুষ্ঠানটো এক সুন্দৰ অনুষ্ঠানলৈ পৰ্য্যবেক্ষিত হয়। সকলোৱে উৎপল বেজবৰুৱাৰ ভুয়সী প্ৰশংসা কৰে। অনুষ্ঠানৰ শেষত ঊষা দেৱীয়ে শলাগৰ শৰাই আগবঢ়ায়৷

Leave A Reply