Breaking

অখিল গগৈ আৰু পৱন খেড়ালৈ সকাহ আদালতৰ ! ৩ মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

0 59

শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছ নেতা পৱন খেড়াক সাময়িক সকাহ উচ্চতম ন্যায়ালয়ৰ। বিধায়ক অখিল গগৈৰ “নিয়া” ৰ গোচৰ সম্পৰ্কীয় গোচৰৰ শুনানী ৩ মাৰ্চলৈ স্হগিত ৰখাৰ লগতে তেওঁৰ জামিনৰ ম্যাদো ৩ মাৰ্চলৈ বৃদ্ধি কৰে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমানসূচক মন্তব্য কৰি অসম চৰকাৰৰ ৰোষত পৰা পৱন খেড়াৰ বিৰুদ্ধে হাফলং থানাত ৰুজু হৈছিল গোচৰ।

দিল্লীৰ বিমান বন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল অসম আৰক্ষীৰ অনুৰোধ মৰ্মে দিল্লীৰ আৰক্ষীয়ে। কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক প্ৰদান কৰে জামিন। পৱন খেড়াকো অসম আৰক্ষীয়ে ৩ মাৰ্চ পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ শুনানী ৩ মাৰ্চত গ্ৰহন কৰিব। ন্যায়ালয়ে পৱন খেড়াৰ জামিনৰ ম্যাদ ৩ মাৰ্চলৈ বৃদ্ধি কৰে।

Leave A Reply