Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল

জালুকবাৰীস্থিত অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ত(Covid 19 Assam)আন্তঃৰাষ্ট্ৰীয় মানৰ ৰসায়নাগাৰ মুকলি কৰা হয়৷ এই ৰসায়নাগাৰটো শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে৷ এই লেবত বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ গুণাগুণ পৰীক্ষা কৰা হ’ব৷

ভেজাল বা নিম্ন মানৰ ঔষধ এই লেবত ধৰা পৰিব৷ ইয়াৰ ফলত লাভৱান হ’ব সাধাৰণ ৰাইজৰ৷ এই লেবটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক লেব৷ ২২ কোটি টকাৰ পৰীক্ষণ সা-সঁজুলিৰে নিৰ্মাণ কৰা ৰসায়নাগাৰটোত হাজাৰ হাজাৰ নমুনা পৰীক্ষা কৰিব পাৰিব৷ বজাৰত উপলব্ধ নানাৰঙী ফল-মূলক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী অশোক সিংহলে৷ উক্ত বিষয়ত মন্তব্য কৰি তেওঁ কয় যে যিকোনো ফল-মূলৰ প্ৰথম ছেম্পল টেষ্ট কৰাটো তেওঁলোকৰ দায়িত্ব যদিও দ্বিতীয় চেম্পলটোৰ ক্ষেত্ৰত সম্পূৰ্ণ কৃষি বিভাগৰ দায়িত্বত পৰে৷

এইক্ষেত্ৰত বিক্ৰেতাসকলতকৈ যিসকলে ফল-মূলবোৰ উৎপাদন কৰে তেওঁলোকহে এই ক্ষেত্ৰত দায়ী বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন ঠাইত পুনৰ আগমন ঘটিছে মাৰাত্মক ক’ভিডৰ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ গাইডলাইন বা নিৰ্দেশনা অহা নাই বুলি জনায় মন্ত্ৰীগৰাকীয়ে৷ তথাপি ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈ থকা বুলিও কয় মন্ত্ৰী অশোক সিংহলে৷

Related Articles