Breaking

চীনৰ দৰে ভাৰতত কোভিডৰ বিএফ.৭ -এ ধ্বংসাত্মক ৰূপ ধাৰণ কৰিব নোৱাৰেঃ বিশেষজ্ঞৰ দাবী

0 49

চীনত এতিয়া কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে।যোৱা ২০ ডিচেম্বৰৰ পৰা এতিয়ালৈকে চীনত প্ৰায় ২৫০ নিযুত লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। অৱশ্যে চৰকাৰৰ বিৰুদ্ধে সেই তথ্য লুকুৱাই ৰখাৰ অভিযোগ উঠিছে৷ সংক্ৰমণ বৃদ্ধিৰ মাজতে চীনে কোভিড সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা বন্ধ কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে (এনএইচচি) কৈছে যে তেওঁলোকে দেওবাৰৰ পৰা কোভিডৰ সংক্ৰমণৰ বিষয়ে অধিক তথ্য প্ৰদান নকৰে।এনএইচচিয়ে এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। তাত কোৱা হৈছে “এতিয়াৰে পৰা এনএইচচিয়ে কোনো কোভিড সম্পৰ্কীয় তথ্য প্ৰদান নকৰে। নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) কোভিড-১৯ সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিব পাৰে”। এন.এইচ.চি.-য়ে অৱশ্যে এই সিদ্ধান্ত কিয় লোৱা হৈছে সেয়া প্ৰকাশ কৰা নাই।

কোভিডৰ বিএফ.৭ প্ৰকাৰে চীনত ধ্বংসৰ সৃষ্টি কৰিছে আৰু ৩৭ লাখতকৈও অধিক লোক নতুন প্ৰজাতিত সংক্ৰমিত হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে এই প্ৰকাৰটোৰ ফলত প্ৰায় ১ নিযুত লোকৰ মৃত্যু হ’ব পাৰে। কিন্তু, ভাৰতীয়সকলে এই নতুন প্ৰজাতিকলৈ চিন্তা কৰিব নালাগিব পাৰে । কিয়নো ভাৰতত কৰোনা ভাইৰাছৰ বিএফ.৭ প্ৰকাৰৰ তীব্ৰতা বৰ্তমান চীনত বিদ্যমান হোৱাৰ দৰে গুৰুতৰ নহ’বও পাৰে। চি.এছ.আই.আৰ.-চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজী (চি.চি.এম.বি.)ৰ এজন শীৰ্ষ বিষয়াই কয় যে ভাৰতীয়সকলে ইতিমধ্যে “ৰোগ প্ৰতিৰোধ ক্ষমতা” বিকশিত কৰিছে। চিচিএমবিৰ সঞ্চালক বিনয় কে নন্দিকুৰীয়ে কোভিডৰ উপযুক্ত বিধি মানি চলাৰ প্ৰয়োজনীয়তাৰ বিষয়ত জোৰ দিয়ে আৰু কয় এনে সতৰ্কতাই আমাক নতুন প্ৰজাতিৰ পৰা বচাব পাৰিব।
উল্লেখ্য ভাৰতত এতিয়ালৈকে কৰোনা ভাইৰাছৰ বিএফ.৭ প্ৰকাৰত চাৰিজন লোকহে আক্ৰান্ত হৈছে।

দিনটোত ভাৰতত ২০১ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। দেশত মুঠ সক্ৰিয় ঘৰোগীৰ সংখ্যা এতিয়া ৩,৩৯৭ গৰাকী হৈছে।

Leave A Reply