দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ।(COVID-19)
বেংগালুৰুত কৰ’নাত আক্রান্ত হৈ মৃত্যু এজনৰ।
কর্নাটকত কৰ’নাত আক্রান্ত হৈছে ৫জনকৈ লোক।
গুজৰাট, হাৰিয়ানা, কেৰালা, কর্নাটকতো বৃদ্ধি।
COVID-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ বৃদ্ধি পাইছে সংক্ৰমণ।
COVID-19ৰ সংক্ৰমণক লৈ উদ্বিগ্ন কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়।
দেশবাসীক সজাগ-সতর্ক হৈ থাকিবলৈ আহ্বান চৰকাৰৰ।
জনসাধাৰণক আতংকিত নহ’বলৈও আহ্বান।
ইতিমধ্যে দিল্লী চৰকাৰে জাৰি কৰিছে এক নির্দেশনা।
সকলো চিকিৎসালয় কর্তৃপক্ষক সাজু হৈ থকাৰ আহ্বান।
COVID-19ৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু থকাৰ নিৰ্দেশনা অক্সিজেন, ঔষধ, ভেকচিন উপলব্ধ কৰিবলৈ হাস্পতাল কর্তৃপক্ষক নির্দেশ।