ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলক কালান্তক ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে বাৰুকৈয়ে স্পৰ্শ কৰিছে । কাৰণ প্ৰতিদিনে ৰেপিড এন্টিজেন টেষ্টত ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওবোৰৰ লগতে ৰৌতা চাৰিআলি আৰু ৰৌতাষ্টেচনত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই অহাৰ পিছত গণ সংক্ৰমণৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে । বিশ্বৰ কাল ক’ভিডৰ ৰোগে সমগ্ৰ ৰৌতা অঞ্চলত মহিলা, পুৰুষ, শিশু আদিকে ধৰি শতাধিক লোকক অতিক্ৰম কৰিছে । বৰ্তমান ৰৌতা চাৰিআলি চহৰ আৰু ৰৌতা ষ্টেচনৰ দোকানীকে ধৰি কেইবাজনো ক’ভিডত আক্ৰান্ত লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়,ৰৌতা আদৰ্শ চিকিৎসালয়কে ধৰি কেইবাখনো ক’ভিড চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ।ৰৌতা অঞ্চলত হোম আইছ’লেছনত থাকিও বহুতো লোকে লৈ আছে ক’ভিড ৰোগৰ চিকিৎসা । ক’ভিডত আক্ৰান্ত ঘটি বৰ্তমানলৈ ৰৌতা অঞ্চলত মৃত্যু ঘটিছে তিনিজন । তথাপি চৰকাৰে কঠোৰ ভাৱে বান্ধি দিয়া সামাজিক দূৰত্ব ধোঁৱাচাঙত তুলি থৈ জুম পাতি থকা, মাস্ক ব্যৱহাৰ নকৰাকৈ ঘুৰি ফুৰাৰ দৃশ্য ৰৌতা চাৰিআলি চহৰখনৰ লগতে অধিক সংখ্যক গাঁৱতে সুলভ হৈ থকা দেখা যায় । ইয়াৰ পিছতো হোম আইছ’লেছনত থকা লোকৰ পৰিয়ালৰ সদস্যই বাধাহীনভাৱে ওলাই দোকান বজাৰত মুকলিকৈ অহা-যোৱা কৰাৰ ভীষণ অভিযোগ পোৱা গৈছে যদিও আজিলৈকে ৰৌতা আঞ্চলত চলি আছে ক’ভিড ৰেপিড এন্টিজেন টেষ্টৰ লগতে টিকাকৰণৰ কাৰ্যসূচী । ইফালে চৰকাৰীভাৱে ক’ভিডৰ প্ৰতিষেধকৰ কোনো পধ্য ৰাজ্যখনত অভাৱ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থকাৰ সময়তে ৰৌতা চাৰিআলি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত এশৰ পৰা ডেৰশ জনক ভেকচিনৰ দি অহাৰ বিপৰীতে বহুলোকে ভীৰ কৰে। কোনো সামাজিক ব্যৱধান নথকাকৈয়ে ৰৌতা চাৰিআলি ভেকচিন কেন্দ্ৰৰ সম্মুখত ভেকচিনৰ বাবে অপেক্ষা কৰা ৰাইজে চিকিৎসালয়ৰ কতৃপক্ষই সময়মতে ভেকচিন কেন্দ্ৰ নোখোৱা বুলি ওলোটাই ক্ষোভ প্ৰকাশ কৰে ।