বহু লোকৰ ক্ষেত্ৰত সংঘটিত আকস্মিক মৃত্যুৰ (Covid Vaccine And Sudden Deaths) বিষয়টোকলৈ দেশৰ কেইবাটাও সংস্থাই অধ্যয়ন চলাইছে৷ এই অধ্যয়নসমূহে নিৰ্ণায়কভাৱে প্ৰতিষ্ঠা কৰিছে যে কোভিড-১৯ টিকা গ্ৰহণ আৰু আকস্মিক মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ [আইচিএমআৰ] আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল [এনচিডিচি]ৰ অধ্যয়নে ভাৰতত ক’ভিড-১৯১ ভেকচিন নিৰাপদ আৰু ফলপ্ৰসূ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে৷ প্ৰতিষ্ঠান দুটাই লগতে কৈছে যে ক’ভিড-১৯১ ভেকচিনৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়াৰ ঘটনা অতি বিৰল৷ জেনেটি’, জীৱনশৈলী, পূৰ্বৰ ৰোগ সম্পৰ্কীয় অৱস্থা, ক’ভিডৰ পিছৰ জটিলতা আদি বহু কাৰকৰ ফলত হঠাৎ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হ’ব পাৰে৷ বিশেষকৈ ১৮১ পৰা ৪৫ বছৰৰ ভিতৰৰ প্ৰাপ্তবয়স্কলোকসকলৰ আকস্মিক মৃত্যুৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আইচিএমআৰ আৰু এনচিডিচিয়ে একেলগে কাম কৰি আহিছে৷
এই বিষয়ে অন্বেষণ কৰিবলৈ বিভিন্ন গৱেষণা পদ্ধতিৰ আলমত দুটা পৰিপূৰক অধ্যয়ন কৰা হৈছিল– এটা অতীতৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰু আনটো বাস্তৱ সময়ৰ অনুসন্ধানৰ সৈতে জড়িত অধ্যয়ন৷ আইচিএমআৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি [এনআইই]য়ে কৰা প্ৰথমটো অধ্যয়নৰ শিৰোনাম হৈছে ‘ফেক্টৰছ এছোচিয়েটেড উইথ আনএক্সপ্লেইনড ছাডেন ডেথছ এমং এডাল্টছ এজড্ ১৮-৪৫ ইয়েৰ্ছ ইন ইণ্ডিয়া– এ মাল্টিচেণ্ট্ৰিক মেটছড কেছ -কণ্ট্ৰোল ষ্টাডি৷’ এই অধ্যয়ন ২০২৩ চনৰ মে’ মাহৰ পৰা আগষ্টলৈকে দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন প্ৰাথমিক পৰ্যায়ৰ চিকিৎসালয়ত চলোৱা হৈছিল৷ ইয়াত এনে ব্যক্তিকলৈ অধ্যয়ন চলোৱা হৈছিল যিসকল ব্যক্তিক সুস্থ যেন লাগিছিল যদিও ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ হঠাতে মৃত্যু হৈছিল৷ অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যই নিৰ্ণায়কভাৱে দেখুৱাইছে যে ক’ভিড-১৯১ টিকাকৰণে যুৱ প্ৰাপ্তবয়স্কৰ মাজত আকস্মিক মৃত্যুৰ সম্ভাৱনা বৃদ্ধি নকৰে৷ ‘এষ্টাব্লিছিং দ্য ক’জ ইন ছাডেন আনএক্সপ্লেইনড ডেথছ ইন ইয়ং’ শীৰ্ষক দ্বিতীয়টো অধ্যয়ন বৰ্তমান নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে আইচিএমআৰৰ সহযোগত চলাই আছে৷ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ সাধাৰণ কাৰণ নিৰ্ণয় কৰাৰ লক্ষ্যৰে এই অধ্যয়ন চলোৱা হৈছে৷ অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যৰ প্ৰাৰম্ভিক বিশ্লেষণে ইংগিত দিছে যে এই বয়সৰ গোটৰ লোকৰ মাজত হৃদৰোগ বা মায়োকাৰ্ডিয়াল ইনফাৰ্কচন আকস্মিক মৃত্যুৰ প্ৰধান কাৰণ হিচাবে পৰিগণিত হৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, পূৰ্বৰ বছৰসমূহৰ তুলনাত এতিয়াৰ পৰিস্থিতিত মৃত্যুৰ ধৰণত কোনো ডাঙৰ পৰিৱৰ্তন দেখা পোৱা যোৱা নাই৷ অধিকাংশ আকস্মিক মৃত্যুৰ ক্ষেত্ৰতে মৃত্যুৰ সম্ভাৱ্য কাৰণ হিচাপে জিনীয় মিউটেচনকেই এক অন্যতম কাৰক হিচাবে চিনাক্ত কৰা হৈছে৷ অধ্যয়নটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰা হ’ব৷
এই দুয়োটা অধ্যয়নে একেলগে ভাৰতৰ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক তথ্য প্ৰকাশৰ বাট মুকলি কৰিছে৷ অধ্যয়নত এইকথাও প্ৰকাশ পাইছে যে ক’ভিড-১৯১ টিকাকৰণে বিপদ বৃদ্ধি কৰা যেন নালাগে৷ আনহাতে পূৰ্বৰে পৰা থকা স্বাস্থ্যজনিত সমস্যা, জিনীয় প্ৰভাৱ আৰু বিশৃংখল জীৱনশৈলীয়ে আআকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰাত অন্যতম ভূমিকা পালন কৰে৷ বিশেষজ্ঞসকলে পুনৰ কয় যে ক’ভিড টিকাকৰণক আকস্মিক মৃত্যুৰ সৈতে জড়িত কৰি কৰা বক্তব্যসমূহ মিছা আৰু বিভ্ৰান্তিকৰ তথা বৈজ্ঞানিকভাবে সেয়া সমৰ্থিত নহয়৷ নিৰ্ণায়ক প্ৰমাণ অবিহনে জল্পনা-কল্পনাৰ আধাৰত কৰা এনে দাবীয়ে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কোভিড ভেকচিনৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস কৰাৰ আশংকা থকা বুলিও তেওঁলোকে কয়৷ এনে ভিত্তিহীন প্ৰতিবেদন আৰু দাবীয়ে দেশত ভেকচিনক লৈ মানুহৰ মাজত দ্বিধাগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগাব পাৰে, যাৰ ফলত জনস্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷