Breaking

নগাঁৱত কভিড ভেকচিনৰ নাটনি ।কেন্দ্ৰত হুলস্থুলীয়া পৰিবেশ ।

0 524

নগাঁৱত কভিড ভেকচিনৰ নাটনিয়ে ভেকচিন লব বিচৰা লোক সকলক চিন্তিত কৰি তুলিছে । ভেকচিন লবৰ বাবে প্ৰতি দিনে ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত বহু লোকে ভীৰ কৰা পৰিলক্ষিত হৈছে । বহুতে ভেকচিন নেপাই বিফল মনোৰথেৰে ওভতি আহিব লগা হৈছে ।  আজিও নগাৱৰ এটা ভেকচিন প্ৰদান কেন্দ্ৰত একে পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও চহৰৰ হয়বৰগাও হাইস্কুলৰ কভিড ভেকচিন প্ৰদান কেন্দ্ৰত  এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । নগাঁও চহৰৰ হয়বৰগাও হাইস্কুল ভেকচিন প্ৰদান কেন্দ্ৰত ভেকচিন লবৰ বাবে  আজি    পুৱা ৫ বজাৰ পৰা বহু লোকে শাৰি পাতি অপেক্ষা কৰি থকা পৰিলক্ষিত হয় । ক’ভাক্সিন ভেকচিনৰ দ্বিতীয় পালি প্ৰদানৰ বাবে বিভাগীয় কৰ্ত্তৃপক্ষই দিয়া বাৰ্তাৰ ওপৰত ভিত্তি কৰি আজি পুৱাৰে পৰা দ্বিতীয় পালি ভেকচিন লবৰ বাবে কেন্দ্ৰটোত বহু লোকে ভিৰ কৰে । কেন্দ্ৰটোৰ দ্বায়িত্বত থকা স্বাস্থ্য কৰ্মীয়ে পুৱা  ১০ বজাত স্বাস্থ্য বিভাগৰ দ্বায়িত্বত থকা নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ নেতৃত্বত প্ৰস্তুত কৰা এখন সুকীয়া তালিকাত নাম থকা লোককহে ভেকচিন প্ৰদান কৰা হব বুলি ঘোষনা কৰাৰ লগে লগে ভেকচিন লবলৈ যোৱা লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হয় । একাংশ উত্তেজিত লোকে কেন্দ্ৰটোত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । এই লোক সকলে কৰা অভিযোগ অনুসৰি ভেকচিনৰ দ্বিতীয় পালি প্ৰদানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই পক্ষপাত মূলক ভাবে তালিকা প্ৰস্তুত কৰে । যাৰ বাবে পুৱা  ৫ বজাৰ পৰা শাৰি পাতি থকা বহু বৃদ্ধ লোকো দ্বিতীয় পালি ভেকচিন লোৱাৰ পৰা বঞ্চিত হব লগা হয় । পিছত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । অৱশ্যে তালিকাত নাম থকা লোক সকলে ভেকচিন লাভ কৰিবলৈ সক্ষম হয় । আজি ভেকচিন প্ৰদান কেন্দ্ৰটোত কভিড প্ৰটকলৰ কোনো চিন মোকামেই দেখা নগল ।  নাই কোনো সামাজিক দুৰত্বৰ নীতি । নগাঁও জিলাত ভেকচিন প্ৰদান কাৰ্যসূচী বৃদ্ধি কৰিবলৈ সচেতন লোক সকলে চৰকাৰক আহবান জনাইছে । জিলাখনত ক’ভাক্সিনৰ  নাটনিয়ে দ্বিতীয় পালি লবৰ বাবে অপেক্ষা কৰি থকা লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

Leave A Reply