আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP। এসপ্তাহৰ বাবে বাহাল থাকিব নতুন SOPৰ বিধিসূহ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
৪খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। বিশ্বনাথ,মৰিগাঁও, গোলাঘাটৰ বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত কণ্টেইনমেণ্ট জ’ন।
আজিৰে পৰা কামৰূপ মেট্ৰ’ত ৪ বজাৰ পৰা সান্ধ্য আইন। বিয়লি ৩ বজালৈ খুলিব পাৰিব দোকান–পোহাৰসমূহ। বাকী জিলা সমূহ পূৰ্বৰ দৰেই থাকিব৷ আন্তঃজিলা যাতায়াত বন্ধ থাকিব৷ ৰাজ্যত ২৪৭টা কোৰোণাৰ হটস্পট চিনাক্ত কৰা হৈছে।

