১৭ মে’ ২০২৫ঃ Cow Thief । ডিমৌ অঞ্চলত গৰু চুৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে | বিশেষকৈ লাউজান চাহ বাগিচা অঞ্চল সমূহত এই গৰু চুৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে | স্থানীয় ৰাইজে জনোৱা মতে, এই চুৰে গাঁৱত ঘুৰি ফুৰি গোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় |
সন্দেহজনক ভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উঠিছে | ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সুযোগ লৈ চুৰে এটা মাহৰ ভিতৰতে ৩০ টাতকৈ অধিক গৰু চুৰি কৰিছে লাউজান চাহ বাগিচা অঞ্চলৰ পৰা | ফলস্বৰূপে গৰু পালকসকল এতিয়া অন্ন মুঠিৰ চিন্তাত পৰিছে | খেতিৰ সময়ছোৱাত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী |
গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নেদেখুওৱাত ৰাইজে নিজেই প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে | গোহালিৰ পৰা চুৰ হোৱা গোহালিৰ গৰুৰ সন্ধানত নামি ৰাইজে ৬ জনকৈ গৰু চোৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে | ঘটনাটোৰ প্ৰেক্ষাপটত ৰাইজে দাবী উত্থাপন কৰিছে যে— “আমাৰ গৰু আমাক ঘূৰাই দিয়ক, আইনে যি কৰিব তাক কৰক, কিন্তু গৰু চুৰি বন্ধ কৰক” |