Breaking

ৰহাৰ জয়শ্ৰীত গৃহস্থই ধৰিলে গৰু চোৰ

0 49

ৰহাৰ জয়শ্ৰীত নিশা গৰু চোৰ আটক। শনিবাৰে নিশা ১০ মান বজাত ধৰ্মেন্দ্ৰ শৰ্মাৰ গৰু গোহালীত গৰু চুৰ কৰিবলৈ আহোতে আটক হয় চোৰটো।

উল্লেখ্য যে গাঁওৰক্ষীবাহিনীৰ সম্পাদক ধৰ্মেন্দ্ৰ শৰ্মাই নিশা অতি সাহসেৰে ১৫ বছৰীয়া তেওঁৰ পুত্ৰ আৰু পৰিবাৰৰ সহযোগত চোৰটো হাতে-লুটে গোহালীতে ধৰি ৰচীৰে বান্ধি ৰাইজক খবৰ দিয়াৰ উপৰিও আৰক্ষীক খবৰ দি নিশাই চোৰটো আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে বৃহত্তৰ ৰহা আহতগুৰি, গছপৰা, ডালিমবাৰী আদি অঞ্চলত সঘনে গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে। কেইমাহমানৰ পূৰ্বে জয়শ্ৰীৰ ওচৰৰে বামুনীজানত গৰুচোৰৰ গাড়ীৰ খুন্দাত এহাল দম্পতিয়ে মৃত্যুমুখত পৰিছিল

Leave A Reply