CP Radhakrishnan: দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণঃ ৯৮.২ শতাংশ ভোটদান, ১৩ গৰাকী সাংসদে নকৰিলে ভোটদান

দেশে লাভ কৰিলে নতুন এগৰাকী উপৰাষ্ট্ৰপতি। (CP Radhakrishnan) মঙলবাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণ ৷ নিৰ্বাচনত পৰাভূত ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। ৰাধাকৃষ্ণণে লাভ কৰে ৪৫২ টা ভোট, ইফালে পৰাভূত হোৱা ৰেড্ডীয়ে লাভ কৰে মুঠ ৩০০ টাহে ভোট। মঙলবাৰে সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । সম্পন্ন হয় ৯৮.২ শতাংশ ভোটদান।


ৰাজ্যসভাৰ প্ৰধান সচিব পি চি মোদীয়ে কয়, “এন ডি এৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে সৰ্বমুঠ ৪৫২ টা ভোট লাভ কৰে । তেওঁক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ন্য়ায়মূৰ্তি সুদৰ্শন ৰেড্ডীয়ে মাত্ৰ ৩০০ ভোটহে লাভ কৰে ।”পি চি মোদীয়ে কয় যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭৮৮ গৰাকী যোগ্য সাংসদৰ ভিতৰত ৭৬৭ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে, য’ত ৯৮.২ শতাংশ ভোটদান সম্পন্ন হয় । ইয়াৰে ৭৫২ টা ভোট বৈধ আৰু ১৫ টা অবৈধ আছিল । উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা সন্ধ্যা ৬ বজাৰ পৰা হৈছিল । এই প্ৰক্ৰিয়া নতুন সংসদ ভৱনত ৰাজ্যসভাৰ প্ৰধান সচিব আৰু ৰিটাৰ্ণিং অফিচাৰ পিচি মোদীৰ তত্বাৱধানত হৈছিল ।


উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰায় ১৩ গৰাকী সাংসদে ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে । সেই অনুসৰি জনতা দলৰ সাতগৰাকী, ভাৰত ৰাষ্ট্ৰ সমিতিৰ চাৰিগৰাকী, শিৰোমণি আকালী দলৰ এগৰাকী আৰু নিৰ্দলীয় সাংসদো আছে । এন ডি এৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ বাসভৱনৰ বাহিৰত আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য শীৰ্ষ নেতাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণ দেখুৱাই নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখড়ে । চন্দ্ৰপুৰম পৌন্নুস্বামী ৰাধাকৃষ্ণণ, যি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ঘোষিত হোৱাৰ পূৰ্বে ৩১ জুলাই, ২০২৪ লৈকে মহাৰাষ্ট্ৰৰ ২৪ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।ইয়াৰ পূৰ্বে তেওঁ ফ্ৰেব্ৰুৱাৰী ২০২৩ ৰ পৰা জুলাই ২০২৪ লৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ মাৰ্চ আৰু জুলাই ২০২৪ ৰ মাজত তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ উপ-ৰাজ্যপালৰ অতিৰিক্ত কাৰ্যভাৰ চম্ভালিছিল । তামিলনাডুৰ এইগৰাকী দিগ্গজ বিজেপি নেতাই বিজিনেজ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

Related Articles