Breaking

গৌৰীপুৰত CPI(M)ৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন

0 59

গৌৰীপুৰত CPI(M)ৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন।

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীৰ গৌৰীপুৰতো আজি CPI(M) দলে অসম আৰক্ষীৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

গৌৰীপুৰৰ শিলাইপাৰ আঞ্চলিক CPI(M) কমিটিয়ে গৌৰীপুৰৰ মাটিয়াবাগস্থিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে নামৰ জিৰণি চৰাত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে।

প্ৰতিবাদী CPI M কৰ্মী সকলে আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ, আইন – গণতন্ত্ৰ ৰক্ষা কৰক,এনকাউণ্টাৰৰ নামত হত্যাযজ্ঞ বন্ধ কৰক আদি শ্লগানৰে আকাশ বতাহ কঁপাই তোলে।

Leave A Reply