Breaking

উচ্ছেদৰ বিৰোধীতাৰে মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

0 519

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰে
চি.পি.আই(এম) য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে নলবাৰীৰ মুকালমুৱাতো চি.পি.আই(এম) পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কভিড প্ৰটকল মানি চি.পি.আই (এম) ৰ সদস্য সকলে হাতে হাতে ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ ঘন্টাযোৰা প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সাম্প্ৰদায়িক উচ্ছেদ অভিযান বন্ধ কৰক, বিজেপি চৰকাৰ হায়,হায়, ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বিজেপি চৰকাৰে উচ্ছেদ কিয় কৰিছে জবাব লাগে জবাব দিয়ক ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত চি.পি.আই.এম পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ নেতা ভূৱনেশ্বৰ বৰ্মন, চি.পি.আই.এম নেতা জয়নাল আলী আহমেদে, এছএফআই বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক গাজিউৰ ৰহমান চৌধুৰী, বাওঁপন্থী ছাত্ৰ নেতা ৰেকিবুল হকসহ কেইবাজনো কৰ্মী উপস্থিত থাকে ।

Leave A Reply