Breaking

উচ্ছেদৰ বিৰোধীতাৰে মোৰাঝাৰত চিপিআইএমৰ প্ৰতিবাদ

0 528

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰেচি.পি.আই(এম) য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে হোজাইৰ মোৰাঝাৰতো চি.পি.আই(এম) পশ্চিম মোৰাঝাৰ  আঞ্চলিক সমিতিয়ে মোৰাঝাৰ বজাৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কভিড প্ৰটকল মানি চি.পি.আই (এম) ৰ সদস্য সকলে হাতে হাতে ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সাম্প্ৰদায়িক উচ্ছেদ অভিযান বন্ধ কৰক, বিজেপি চৰকাৰ হায়,হায়, ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বিজেপি চৰকাৰে উচ্ছেদ কিয় কৰিছে জবাব লাগে জবাব দিয়ক ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত চি.পি.আই.এমৰ মোৰাঝাৰ  আঞ্চলিক সমিতিৰ নেতা ফৰিজ উদ্দিন ,হোচন আহমেদসহ কেইবাজনো কৰ্মী উপস্থিত থাকে । শেহতীয়া হোজাইৰ কাকীত চলোৱা উচ্ছেদৰো বিৰোধিতা কৰি এয়া অমানৱীয় বুলি আখ্যা দিয়ে৷

Leave A Reply