আহোমৰ ঐতিহ্যত ফাট! অস্তিত্ব সংকটত ঐতিহাসিক তলাতল ঘৰ। বখলা বখলকৈ এৰাইছে দেৱাল; দেৱালত ধৰিছে ভেঁকুৰ…

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা ঐতিহাসিক তলাতল ঘৰ চৰকাৰী পক্ষ্যৰ উদাসীনতাৰ বাবেই ক্ৰমাত ধ্বংসৰ মুখলৈ গতি কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷জাতীৰ গৌৰৱ তথা বিশ্বৰ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ তলাতল ঘৰ ধ্বংসৰ মুখলৈ গতি কৰাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ বিশেষকৈ তলাতল ঘৰৰ দেৱালত বৃহৎ বৃহৎ ফাট ওপৰিও দেৱালত ভেকুৰ গজাৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷উল্লেখ্য যে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত শিৱসাগৰ পুৰাতত্ত্ব বিভাগটোৰ সাম্প্ৰতিক অমনোযোগিতাৰ বাবেই বিশেষকৈ ঐতিহাসিক তলাতল ধ্বংস গৰাহলৈ গতি কৰিছে। ইফালে,ভিতৰত বহু ঠাইত বৃহৎ বৃহৎ ফাট লগতে ভিতৰৰ পৰা চালৰ তলৰ অংশটোত সেউজীয়া ৰঙৰ ভেঁকুৰ ধৰা পৰিলক্ষিত হৈছে। এই ভেঁকুৰসমূহে চালখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০০ খ্ৰীষ্টাব্দত পকীকৰণ কৰাএই ঐতিহাসিক তলাতল ঘৰ সম্প্ৰতি বিভাগীয় অৱহেলা বাবে এলাগী হৈ পৰিছে।

আনহাতে আজি পৰা পাঁচ তা বছৰৰ পূৰ্বে তলাতল ঘৰ বউণ্ডৰী দেৱাল বাবে “”অমুলীয় ধৰাহৰ আঁচনি নামত প্ৰায় ৪ কোটি টকা এন পি চি চি পকী দেৱাল নিৰ্মাণ নামত ৩ কোটি টকা আহিছিল কিন্ত পৰিতাপৰ বিষয় যে পাঁচটা বছৰে কাম সম্পূৰ্ণ নহল যাৰ ফলত এতিয়া তলাতল ঘৰৰ প্ৰাঙ্গন গৰু ছাগলী চৰা এখন পথাৰ লৈ ৰূপান্তৰ হৈছে।যেনেই চাই আপুনি মাত্ৰ দেখিব গৰু ছাগলী মূত্ৰত্যাগ।উল্লেখযোগ্য যে তাই যুৱ পৰিষদৰ দাবী যদি চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগে এই সমূহ সম্পদৰ দায়িত্ব লব নোৱাৰে আমাৰ জাতীয় দল সংগঠন সমূহক দি দিয়ক।যদি অনাগত সময়ত একো ব্যৱস্থা নলয় তেতিয়া হলে পুৰাতত্ত্ব বিভাগৰ শিৱসাগৰ কায্যলয় আৰু গুৱাহাটী অধ্যক্ষ কায্যলয় ত তলা লগোৱা হুংকাৰ সংগঠন তো। এতিয়া কথা এই বাতৰি পৰিবেশন কৰা পাছত এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।

Related Articles