Breaking

আৰ্থিক দৈনতাক নেওচি চাপৰৰ এগৰাকী যুৱতীৰ কৃতিত্ব

0 1,577

আৰ্থিক দৈনতাক নেওচি চাপৰৰ এগৰাকী যুৱতীৰ কৃতিত্ব।আজিৰ যুগত হাৰিকেনত পঢ়ি কৃতিত্ব অৰ্জন কৰিলে এই যুৱতীগৰাকীয়ে।দৰিদ্ৰতা শিক্ষাৰ বাবে কেতিয়াও হেঙাৰ হোৱা নাছিল এই কথা প্ৰমাণ কৰি দেখুৱালে চাপৰৰ ৫ নং ওৱাৰ্ডৰ সোমা সিংহয়ে।সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ অসমীয়াত ৯২ আৰু information technology ৯১ লেটাৰ নম্বৰ সহ মুঠ ৩৫৫ নম্বৰ পাই প্ৰথম বিভাগত উৰ্ত্তীণ হল সোমা সিংহ।

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় লৈ গৌৰব কঢ়িয়াই আনিলে ছাত্ৰীগৰাকীয়ে। মনত হেপাঁহ পুহি ৰখা উচ্চ শিক্ষা লাভ কৰি সূ নাগৰিক হোৱাৰ লক্ষ্য সোমা সিংহৰ,কিন্তু উচ্চ শিক্ষাৰ বাবে ৰাইজৰ সহায় বিচাৰিছে ছাত্ৰী গৰাকীয়ে।

Leave A Reply