দৈনন্দিন বাৰ্তা সেৱাঃ প্ৰসিদ্ধ অলৰাউণ্ডাৰ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ অসুস্থ। প্ৰকাশ পোৱা বাতৰি অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে বৃহস্পতিবাৰে হঠাত্ হৃদ যন্ত্ৰৰ অসুখৰ বাবে প্ৰচণ্ড বুকুৰ বিষ অনুভৱ কৰে লগে লগে নিশা ১ বজাত চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়। চিকিত্সকে জানিবলৈ দিয়া অনুসৰি বৰ্তমান হাস্পতালৰ আই চি ইউত চিকিত্সাধীন কপিল দেৱৰ স্বাস্থ্যৰ উন্নতি হৈছে।

