Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক

মাতৃ দিৱসৰ দিনাই দয়াহীন মাতৃয়ে(Crime News) প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ পুত্ৰক। ১১ মে’ দেওবাৰে আছিল মাতৃ দিৱস। মাতৃ দিৱস উপলক্ষে সকলোৱে সামাজিক মাধ্যমত মাতৃক প্ৰতি শ্ৰদ্ধা-মৰম প্ৰকাশ কৰা সময়তে পোহৰলৈ আহিল এই ভয়ংকৰ জঘন্য ঘটনাটো।

ঘটনাৰ স্থান মহানগৰীৰ বশিষ্ঠ। নিজৰ ১০ বছৰীয়া পুত্ৰৰ প্ৰাণ ল’লে মাতৃয়ে, মাতৃ আৰু তেওঁৰ পৰকীয়া প্ৰেমিকে মিলি এই জঘন্য ঘটনাটো কৰিলে। ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ কণমানি মৃন্ময়ৰ নিথৰদেহৰ অংশ। আৰক্ষীৰ জালত মাতৃ আৰু অবৈধ প্ৰেমিক। মাতৃ গৰাকী নাম হৈছে দীপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিকৰ নাম হৈছে জিতুমণি হালৈ।

মাতৃ দিৱসৰ দিনাই মহানগৰীত এই ভয়ানক ঘটনা সংঘটিত হয়। কোন দিশে গৈছে আজিৰ সমাজ। দয়া-মমতাহীন হৈছে একংশ ! এনে ঘটনাই সমাজলৈ কেনে বাৰ্তা প্ৰেৰণ কৰিব ?

Related Articles