Crime News: হ*ত্যাৰ অপৰাধত গ্ৰে*প্তাৰ ভাৰতীয় সেনাৰ কৰ্মৰত লেন্সনায়ক

হত্যাৰ অপৰাধত (Crime News) ভাৰতীয় সেনাৰ কৰ্মৰত লেন্সনায়ক গ্ৰেপ্তাৰ। যোৱা মাহৰ ৩১ তাৰিখে মৃত অৱস্থাত উদ্ধাৰ হৈছিল বিকাশ হাজৰিকা নামৰ এগৰাকী লোকৰ। ২৭ অক্টোবৰত হত্যাৰ বলি হোৱা বিকাশ হাজৰিকাৰ মৃতদেহ ৩১ অক্টোবৰ তাৰিখে নিজ বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত প্ৰত্যক্ষ কৰিছিল ভতিজী মেঘনা ময়ূৰ হাজৰিকাই। প্ৰাক্তন ৰেলৱে বিষয়া, অধিবক্তা, গ্ৰন্থ লেখক, মাহেকীয়া গণশক্তি কাকতৰ প্ৰকাশক তথা সম্পাদক, কলিয়াবৰ বিশিষ্ট নাগৰিক বিকাশ হাজৰিকাৰ হত্যাকাৰী ভাৰতীয় সেনা বাহিনীৰ লেঞ্চ নায়ক মনজিত গগৈক গ্ৰেপ্তাৰ।


প্ৰাক্তন ৰেলৱে বিষয়া, অধিবক্তা, গ্ৰন্থ লেখক, মাহেকীয়া গণশক্তি কাকতৰ প্ৰকাশক তথা সম্পাদক কলিয়াবৰ বিশিষ্ট নাগৰিক বিকাশ হাজৰিকাৰ হত্যাকাৰী ভাৰতীয় সেনা বাহিনীৰ লেঞ্চনায়ক মনজিত গগৈ আৰক্ষীৰ জালত। জখলাবন্ধা আৰক্ষী নিৱেশ এলেকাধীন বাণীপুৰ নিৱাসী বিকাশ হাজৰিকাক যোৱা ২৭ অক্টোবৰ তাৰিখে নিজ বাসগৃহত ঘৰৰ ভিতৰতে হত্যা কৰি পলায়ন কৰিছিল হত্যাকাৰী মনজিত গগৈ। এটুকুৰা ভূমিত গাহৰি পালনক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত চলি থকা বিবাদৰ পৰিণতিত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত তথ্য লাভ কৰিছে।
মনজিত গগৈৰ পিতৃগৃহ লখিমপুৰ ঘিলামৰাত যদিও শৈশৱৰে পৰা কলিয়াবৰৰ শিলঘাটৰ মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি নাম কামাখ্যা গাঁৱত স্থায়ীভাৱে থাকিবলৈ লৈছিল অভিযুক্ত মনজিত গগৈ।

ভাৰতীয় সেনা বাহিনীৰ ২৩ নং গাৰ্ড , ৰাষ্ট্ৰীয় ৰাইফলছৰ লেঞ্চ নায়ক হিচাপে জম্মুত কৰ্মৰত অভিযুক্ত মনজিত গগৈয়ে ১ মাহৰ ছুটী লৈ ঘৰলৈ আহি সংঘটিত কৰিছিল হত্যাকাণ্ডৰ ঘটনা। হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ১০৪/২৫ নম্বৰৰ গোচৰত অভিযুক্ত মনজিত মহন্তক গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে। হত্যাকাণ্ডৰ বলি হোৱা বিকাশ হাজৰিকাৰ ভতিজী মেঘনা ময়ূৰ হাজৰিকাৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁৱৰ এটি ভাড়াঘৰৰ পৰা নিশা জখলাবন্ধা আৰক্ষীয়ে অভিযুক্ত মনজিত গগৈক আটক কৰি তদন্ত অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে।

Related Articles