উপাৰ্জন কৰে কোটি কোটি টকা, তথাপিও খৰচ কৰিবলৈ বেয়া পাই টকা। কিছুমান চেলিব্ৰিটি আছে যিয়ে বহু টকা খৰচ কৰে। আনহাতে বহু বলিউদৰ অভিনেতা-অভিনেত্ৰীয়ে অবাবত টকা খৰচ কৰি বেয়া পায়। আজি আপোনালোকক জনাম বলিউদৰ কোন কোন অভিনেতা-অভিনেত্ৰীয়ে অযথা টকা খৰচ নকৰে-

ছাৰা আলী খানঃ অভিনেত্ৰীগৰাকীয়ে নিজেই বহুবাৰ কৃপণালিৰ কথা কৈছে। কপিল শৰ্মা শ্ব’ত ছাৰাই কৈছিল যে যেতিয়া মাকে ১৬০০ টকাত টাৱেল কিনিছিল তেতিয়া তাইৰ বৰ খং উঠিছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কৈছে যে তেওঁৰ ৱাৰ্ডৰ’বত এটাও ডিজাইনাৰ কাপোৰ নাই।
শ্ৰদ্ধা কাপুৰঃ বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও অতি সাৱধানে টকা খৰচ কৰে। টু ঝুঠি মেইন মক্কাৰৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে এইটোও স্বীকাৰ কৰিছিল যে আজিও তেওঁ দোকানৰ পৰাই কাপোৰ কিনি ভাল পায়।
কাজলঃ অভিনেত্ৰী কাজলে এখন ছবিৰ বাবে কোটি কোটি মাচুল লয়। ইয়াৰ লগতে এটা প্ৰডাকচন হাউচো চলাই আছে, আয়ৰ বহু উৎস থকাৰ পিছতো কাজলে বহুত কম টকা খৰচ কৰে। এবাৰ কৰণ জোহৰে ৰাজহুৱাভাৱে কাজলক কৃপণালিৰ টেগ দিছিল।
ছলমান খানঃ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবিয়ে কোটি টকা উপাৰ্জন কৰে। বহু বিলাসী সম্পত্তিৰ মালিকো অভিনেতাগৰাকী, কিন্তু তেওঁ এতিয়াও ২ বিএইচকেৰ ফ্লেটত থাকে।
জন আব্ৰাহামঃ অভিনেতা জন আব্ৰাহাম শক্তিশালী অভিনয় আৰু পোনপটীয়া স্বভাৱৰ বাবে পৰিচিত। ইভেণ্টেই হওক বা পাৰ্টিয়েই হওক, জন আব্ৰাহামে ডিজাইনাৰ কাপোৰ পৰিধান নকৰে। অভিনেতাজনে নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ টি-চাৰ্ট, জিন্স আৰু চপ্পল পিন্ধি গোটেই বছৰটো পাৰ কৰিব পাৰে।