Breaking

নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছৰ শিৰত মিছ ইউনিভাৰ্ছ ২০২৩ৰ মুকুট; ১৩ সংখ্যক স্থানতে ক্ষান্ত হ’ল ভাৰতৰ শ্বেতা সাৰদা

0 58

ঘোষণা কৰা হ’ল মিছ ইউনিভাৰ্ছ ২০২৩ৰ বিজয়ীৰ নাম। নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছ ২০২৩ৰ মুকুট । ভাৰতৰ শ্বেতা সাৰদাই শীৰ্ষ ১০ ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল । নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছে সকলো প্ৰতিযোগীকে চেৰ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। নিকাৰাগুয়া এখন মধ্য আমেৰিকাৰ দেশ। দেশ খনৰ প্ৰতিযোগীয়ে প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ ২০২৩ ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।

এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা খন মধ্য আমেৰিকাৰ চান চালভাডৰত অনুষ্ঠিত হৈছিল। ৮৪ খন দেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ আশা আছিল চণ্ডীগড়ৰ কন্যা শ্বেতা সাৰদাকলৈ। কিন্তু তেওঁ ১৩ সংখ্যক স্থানতে ক্ষান্ত থাকিবলগীয়া হয়। নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছ, থাইলেণ্ডৰ এণ্টোনিয়া পোৰ্চিল্ড আৰু অষ্ট্ৰেলিয়াৰ মৰিয়া উইলছনে শীৰ্ষ তিনিটা স্থান দখল কৰে।

যোৱা বছৰৰ মিছ ইউনিভাৰ্ছ আৰ’বনি গেব্ৰিয়েলে শ্বেইনিছৰ শিৰত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠৰ মুকুট পিন্ধাই দিয়ে।

এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন আন এটা কাৰণত বিশেষ হিচাবে বাবে বেলেগ। এইটো প্ৰথম বাৰৰ বাবে যে দুগৰাকী লিংগ সলনি কৰা প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

তেওঁলোক হ’ল ক্ৰমে পৰ্তুগালক মেৰিনা মেকেটে আৰু নেডাৰলেণ্ডৰ ৰিকি কলে। পাকিস্তানৰ সুন্দৰী এৰিকা ৰবীনকো প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সুযোগ দিয়া হৈছিল।

Leave A Reply